ETV Bharat / bharat

ভাৰতত বিগত ২৪ ঘণ্টাত ৪১৮ গৰাকী কৰ'ণা ৰোগীৰ মৃত্যু

ভাৰতত বিগত ২৪ ঘণ্টাত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪১৮ গৰাকী লোকৰ । যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান পৰ্যন্ত দেশখনত কৰ'ণা আক্ৰান্ত হৈ মৃত্যু হোৱাৰ ৰোগীৰ সংখ্যা মুঠ ১৬,৮৯৩ গৰাকীলৈ বৃদ্ধি পায় বুলি সদৰি কৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু কল্যাণ মন্ত্ৰণালয়ে । আনহাতে, দেশখনত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা মুঠ ৫,৬৬,৮৪০ গৰাকীলৈও বৃদ্ধি পায় বুলিও সদৰি কৰে ।

কৰ'ণা ভাইৰাছ
ভাৰতত বিগত ২৪ ঘণ্টাত ৪১৮ গৰাকী কৰ'ণা ৰোগীৰ মৃত্যু
author img

By

Published : Jul 1, 2020, 8:36 AM IST

Updated : Jul 1, 2020, 8:42 AM IST

নিউজ ডেস্ক,১ জুলাইঃ কেন্দ্ৰীয় স্বাস্থ্য আৰু কল্যাণ মন্ত্ৰণালয়ৰ অনুসৰি বিগত ২৪ ঘণ্টাত ভাৰতত কৰ'ণাত আক্ৰান্ত হৈছে ১৮,৫২২ গৰাকী ব্যক্তি । যাৰ ফলত মঙলবাৰ পৰ্যন্ত ভাৰতত ৫,৬৬,৮৪০ গৰাকীৰো অধিক লোক কৰ'ণাত আক্ৰান্ত হয় বুলি সকৰি কৰে । লগতে কেন্দ্ৰীয় স্বাস্থ্য আৰু কল্যাণ মন্ত্ৰণালয়ে সদৰি কৰা অনুসৰি বিগত ২৪ ঘণ্টাত কৰ'ণাত আক্ৰান্ত হৈ ৪১৮ গৰাকী লোকৰ মৃত্যু হয় বুলিও সদৰি কৰে । যাৰ পৰিপ্ৰেক্ষিতত দেশত কৰ'ণাত আক্ৰান্ত হৈ বৰ্তমান পৰ্যন্ত ১৬,৮৯৩ গৰাকী লোকৰ মৃত্যু হয় । লগতে দেশখনত ২,১৫,১২৫ গৰাকী কৰ'ণা আক্ৰান্ত ৰোগীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰে বুলিও জানিবলৈ দিয়ে ।

কৰ'ণা ভাইৰাছ
ভাৰতত বিগত ২৪ ঘণ্টাত ৪১৮ গৰাকী কৰ'ণা ৰোগীৰ মৃত্যু

আনহাতে বৰ্তমান পৰ্যন্ত সক্ৰিয় কৰ'ণা আক্ৰান্ত ৰোগীৰ তুলনাত ১,১৯,৬৯৬ গৰাকী কৰ'ণা ৰোগী আৰোগ্য হৈ উঠিছে বুলি সদৰি কৰে । যাৰ প্ৰৰিপ্ৰক্ষিতত ভাৰতত কৰ'ণা সংক্ৰমণৰ ক্ষেত্ৰত কিছু পৰিমাণে সকাহ বুলি মত প্ৰকাশ কৰাৰ উপৰিও আৰোগ্য হোৱা ৰোগীৰ সংখ্যা ৫৯.০৭ শতাংশলৈ বৃদ্ধি পায় মত প্ৰকাশ কৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু কল্যাণ মন্ত্ৰণালয়ে । বিগত ২৪ ঘণ্টাত মুঠ ১৩,০৯৯ গৰাকী কৰ'ণা আক্ৰান্ত ৰোগী আৰোগ্য হৈ উঠিছে বুলিও সদৰি কৰে । আনহাতে, ভাৰতত বৰ্তমান কৰ'ণা ৰোগীৰ বাবে সমৰ্পিত ১০৪৯ লেব আছে । ইয়াৰ ভিতৰত ৭৬১ খন চৰকাৰী লেবৰ বিপৰীতে ২৮৮ খন ব্যক্তিগত লেব আছে ।

উল্লেখ্য যে, ভাৰতৰ ভিতৰত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যাই আটাইতকৈ প্ৰভাব পেলোৱা ৰাজ্য হৈছে মহাৰাষ্ট্ৰ । মঙলবাৰৰ দিনটোত ৰাজ্যখনত কৰ'ণা আক্ৰান্ত হৈ ২৪৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰিও ৪৮৭৮ গৰাকী ব্যক্তিৰ দেহত নতুনকৈ কৰ'ণা উপস্থিতি লাভ কৰে বুলি সদৰি কৰে ৰাজ্য় চৰকাৰে । আনহাতে, ৰাজ্যখনত অপ্ৰতিৰোধ্য কৰ'ণাৰ বাবেই ৩১ জুলাইলৈকে পুনৰ মহাৰাষ্ট্ৰ চৰকাৰে লক ডাউনৰ ঘোষণা কৰাৰ সিন্ধান্ত গ্ৰহণ কৰিছে বুলিও জানিবলৈ দিয়ে ।

লগতে চাওকঃ বিশ্ব সামাজিক মাধ্যম দিৱস, ইয়াৰ ইতিহাস আৰু তথ্য

Last Updated : Jul 1, 2020, 8:42 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.