নেশ্যনেল ডেস্ক, 1 এপ্ৰিল : কেৰালাৰ 93 বৰ্ষীয় থমাছ আব্ৰাহাম কোভিড-19 ৰ বিৰুদ্ধে যুঁজি সম্পূৰ্ণ সুস্থ হৈ উঠাৰ লগতে উভতিল নিজ ঘৰলৈ ৷ থমাছ আৰু তেওঁৰ পত্নী মাৰিয়াম্মাই (88) বহু দিন ধৰি হাস্পতালৰ আইচ'লেছনত জীৱন-মৰণৰ যুঁজ কৰাৰ পাচত সুস্থ হৈ উঠে ৷
উল্লেখ্য যে, ইটালীৰ পৰা যোৱা মাহত ঘূৰি অহা পুত্ৰ, বোৱাৰী আৰু নাতিৰ পৰা বৃদ্ধ দম্পতী কোভিড-19 ত আক্ৰান্ত হৈছিল ৷ আশ্বৰ্যজনকভাৱে এই তিনিজন লোকো ৰোগমুক্ত হৈ উঠিছে ৷
চিকিৎসকে জানিবলৈ দিয়া অনুসৰি, কোট্টায়াম মেডিকেল কলেজৰ পৰা দম্পতীক বুধবাৰে মুক্তি দিয়া হয় ৷
বৃদ্ধ দম্পতীৰ নাতিগৰাকীয়ে এই সম্পৰ্কত মন্তব্য কৰে যে, তেওঁৰ ককাক আৰু আইতাকৰ আৰোগ্য হোৱাৰ মুখ্য কাৰণ হৈছে তেওঁলোকৰ স্বাস্থ্যকৰ জীৱন-যাপন ৷ পাথানামাথিতা জিলাৰ ৰানীত কৃষক হিচাপে কৰ্মৰত থমাছে মদ্যপান আৰু ধুম্ৰপান নকৰে বাবেই আৰোগ্য হ'বলৈ সক্ষম হ'ল বুলি মন্তব্য কৰে নাতিয়েকে ৷