নেশ্যনেল ডেস্ক, ২৩ জানুৱাৰী: ৫ খনকৈ মালবাহী ৰে'ল একেলগে সংযোগ কৰি নিৰ্মাণ কৰা 'বাসুকী'ৰ প্ৰথম যাত্ৰা সফলতাৰে সম্পন্ন কৰি অভিলেখ গঢ়িলে দক্ষিণ-পূৱ কেন্দ্ৰীয় ৰে'লৱেই । ভাৰতৰ দীৰ্ঘতম মালবাহী ৰে'ল 'বাসুকী'ৰ দৈৰ্ঘ্য ৩.৫ কিলোমিটাৰ । ভিলাইৰ পৰা ক'ৰবালৈ ২২৪ কিঃমিঃ দৈৰ্ঘ্যৰ ৰে'লপথেৰে কয়লা পৰিবহণৰ বাবে এই মালবাহী ৰে'লখন ব্যৱহৃত হ'ব । 'বাসুকী'ৰ জৰিয়তে সময় ৰাহি হোৱাৰ লগতে গ্ৰাহকে সোনকালে বস্তু লাভ কৰাত সহায়ক হ'ব ।
২০২০ চনৰ ২৯ জুনত তিনিখনকৈ মালবাহী ৰে'ল একেলগে সংযোগ কৰি নিৰ্মাণ কৰা হৈছিল ছুপাৰ এনাক'ণ্ডা অৰ্থাৎ শ্বেছনাগ ৰে'ল । শ্বেছনাগ ৰে'ল ভাৰতৰ দ্বিতীয়খন দীৰ্ঘতম মালবাহী ৰে'ল । ২০২১ চনৰ ২২ জানুৱাৰীত 'বাসুকী'য়ে ভিলাই ডি কেবিনৰ পৰা ক'ৰবালৈ যাত্ৰা কৰে । এই যাত্ৰা সম্পূৰ্ণ কৰাৰ বাবে ৭ ঘণ্টা সময় লাগিছিল । এই যাত্ৰাৰ সময়ত এজন ল'ক' পাইলট, সহকাৰী ল'ক' পাইলট, এগৰাকী ৰেক চলাই থকা লোক, ৫ জন সহকাৰী ল'ক' পাইলট আৰু ৫ জন ৰখীয়া ৰে'লখনত আছিল ।
লগতে পঢ়ক:সামাজিক মাধ্য়মৰ চৰকাৰ বিৰোধী মন্তব্য়কলৈ কঠোৰ বিহাৰ আৰক্ষী