নেশ্যনেল ডেস্ক, 13 মাৰ্চ : কৰ্ণাটকত ভাৰতৰ প্ৰথমজন COVID-19 আক্ৰান্তৰ মৃত্যুৰ নিশ্চিতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷ কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত চিকিৎসাধীন হৈ থকা 76 বৰ্ষীয় লোকজনৰ দুদিন পূৰ্বে মৃত্যু হৈছে বুলি জানিবলৈ দিয়া হৈছে ৷ কৰ্ণাটকৰ স্বাস্থ্য মন্ত্ৰী বি. শ্ৰীৰামুলুয়ে টুইটাৰৰ জৰিয়তে জানিবলৈ দিয়ে, "COVID-19 ত আক্ৰান্ত হোৱাৰ সন্দেহত চিকিৎসাধীন হৈ থকা 76 বৰ্ষীয় লোকজনৰ মৃত্যু হৈছে ৷"
শেহতীয়াতকৈ ছৌদি আৰৱ ভ্ৰমণ কৰি ভাৰতত উপস্থিত হোৱা লোকজনৰ মঙলবাৰে নিশা মৃত্যু হয় ৷ State Joint Director (Communicable Diseases) বি. জি. প্ৰকাশ কুমাৰে জানিবলৈ দিয়া অনুসৰি, মৃতদেহ নিষ্কাষণৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ তেওঁ লগতে জানিবলৈ দিয়ে যে, তেলেংগানা চৰকাৰকো এই সম্পৰ্কত অৱগত কৰা হৈছে যিহেতু কিছুদিন পূৰ্বে তেওঁ তেলেংগানাৰ এখন ব্যক্তিগত চিকিৎসালয়তো চিকিৎসাৰ বাবে উপস্থিত হৈছিল ৷
উল্লেখ্য যে,ছৌদি আৰৱ ভ্ৰমণৰ পৰা উভতি অহাৰ সময়ত তেওঁ জ্বৰত আক্ৰান্ত হৈছিল ৷ ইয়াৰ পাচতে কৰ্ণাটকৰ এখন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিছিল যদিও চিকিৎসকৰ পৰামৰ্শ অনুসৰি হায়দৰাবাদত উপস্থিত হৈছিল ৷ মঙলবাৰে নিশা প্ৰায় 11 বজাত হায়দৰাবাদৰ পৰা উভতি যোৱাৰ পথত তেওঁৰ মৃত্যু হৈছিল ৷ বৃহস্পতিবাৰে কৰ্ণাটকত অন্য এজন লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ কথা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে ৷ 26 বৰ্ষীয় লোকজন গ্ৰীচৰ পৰা উভতি অহাৰ পাচতে আক্ৰান্ত হোৱাৰ ফলত ৰাজ্যখনত বৰ্তমানলৈকে 5 জন লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷
আৰু পঢ়ক : ৰাজনৈতিক ভৱিষ্যতৰ শংকাত সিন্ধিয়াই নিজৰ বিচাৰধাৰা পাহৰিলে: ৰাহুল গান্ধী