ETV Bharat / bharat

ভাৰতৰ অসুস্থ জনস্বাস্থ্য সেৱা - আয়ুষ্মান ভাৰত

প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিপৰীতে চিকিৎসকৰ সংখ্যা কমেই উদঙাইছে অসমৰ স্বাস্থ্য খণ্ডৰ ভয়াৱহ স্বৰূপটো ৷ অসমৰ 946 খন স্বাস্থ্য কেন্দ্ৰৰ বিপৰীতে চিকিৎসকৰ সংখ্যা মাত্ৰ 266 জন ৷ বৰ্তমান দেশৰ অৰ্থ ব্যৱস্থাৰ ৰূপ দেখি অনাগত দিনত স্বাস্থ্য খণ্ডৰ অৱস্থা আৰু অধিক শোচনীয় হ’ব বুলি ধাৰণা কৰা হৈছে ৷

India's ailing Public Health Centres
ভাৰতৰ অসুস্থ জনস্বাস্থ্য সেৱা
author img

By

Published : Dec 15, 2019, 11:09 PM IST

নিউজ ডেস্ক, 15 ডিচেম্বৰঃ পোহৰলৈ আহিছে অসমৰ স্বাস্থ্য খণ্ডৰ শোচনীয় ৰূপটো ৷ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিপৰীতে চিকিৎসকৰ সংখ্যা কমেই উদঙাইছে অসমৰ স্বাস্থ্য খণ্ডৰ ভয়াৱহ স্বৰূপটো ৷ অধিকাংশ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এজন মাত্ৰ চিকিৎসকৰেই চলিছে বৃহত্তৰ একোটা অঞ্চলৰ স্বাস্থ্য সেৱা ৷

চেন্টাৰ ফ’ৰ ডিজিজ, ডায়নামিক, ইক’নোমিকছ এণ্ড পলিচি, ৱাশ্বিংটনৰ তথ্য অনুসৰি ভাৰতৰ স্বাস্থ্য কেন্দ্ৰ অনুযায়ী প্ৰায় 6 লাখ চিকিৎসকৰ অভাৱ বুলি প্ৰকাশ পাইছে ৷ ইয়াৰ উপৰি সামূহিক স্বাস্থ্য কেন্দ্ৰসমূহত 60% ৰ তুলনাত চিকিৎসকৰ সংখ্যা মাত্ৰ এজন আৰু 5% সামূহিক স্বাস্থ্য কেন্দ্ৰত এজনো চিকিৎসক নাই ৷

India's ailing Public Health Centres
ভাৰতৰ অসুস্থ জনস্বাস্থ্য সেৱা

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে লোকসভাত চৰকাৰী স্থিতিৰ স্পষ্টিকৰণ দি কয় যে 2018 চনৰ প্ৰতিবেদন অনুসৰি প্ৰকাশ পোৱা তথ্যত উল্লেখিত চিকিৎসকৰ সংখ্যা কম হোৱাটো ৰাজ্য চৰকাৰৰ হাতত থাকে ৷ ইয়াৰ নিযুক্তি ৰাজ্য চৰকাৰেহে প্ৰদান কৰে ৷

কিন্তু তথ্যত উল্লেখ কৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় সহযোগত ৰাজ্য চৰকাৰে চিকিৎসকক নিযুক্তি দিয়ে ৷ কেন্দ্ৰীয় চৰকাৰৰ সহায় অবিহনে ৰাজ্য চৰকাৰ এইক্ষেত্ৰত অসহায় ৷ বৰ্তমান দেশৰ অৰ্থ ব্যৱস্থাৰ ৰূপ দেখি অনাগত দিনত স্বাস্থ্য খণ্ডৰ অৱস্থা আৰু অধিক শোচনীয় হ’ব বুলি ধাৰণা কৰা হৈছে ৷

উত্তৰ প্ৰদেশত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সংখ্যা দেশৰ ভিতৰতে অধিক ৷ ইয়াত চিকিৎসকৰ সংখ্যাৰ অভাৱে কঠিন পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ আনহাতে অসমৰ 946 খন স্বাস্থ্য কেন্দ্ৰৰ বিপৰীতে চিকিৎসকৰ সংখ্যা মাত্ৰ 266 জন ৷

ইয়াৰোপৰি অন্ধ্ৰ প্ৰদেশ, বিহাৰ, ছত্তিশগড়, গুজৰাট, হিমাচল প্ৰদেশ, কৰ্ণাটক, ঝাৰখণ্ড আৰু ৰাজস্থানৰ অৱস্থা অতিকৈ শোচনীয় ৷ ছত্তিশগড়ৰ 793 খন স্বাস্থ্য কেন্দ্ৰৰ 295 খনত এজনো চিকিৎসক নাই ৷

India's ailing Public Health Centres
ভাৰতৰ অসুস্থ জনস্বাস্থ্য সেৱা

এক সমীক্ষাৰ পৰা গম পোৱা যায় যে কেন্দ্ৰীয় চৰকাৰৰ মুখ্য আঁচনি আয়ুষ্মান ভাৰতে দেশৰ সকলো স্বাস্থ্য কেন্দ্ৰৰ উন্নীতকৰণৰ পোষকতা কৰে ৷ আৰু ইয়াৰ উন্নীতকৰণৰ বাবে ভাৰতে এক দীৰ্ঘ পথ অতিক্ৰম কৰিব লাগিব ৷

আৰু পঢ়কঃ প্লাষ্টিক মুক্ত সমাজ গঢ়াৰ বাবে ৰাজপথত নামিছে এজন যুৱক

Intro:Body:

PHC

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.