ETV Bharat / bharat

ক'ভিড-19 ৰ ভয়াবহতাৰ মাজতে বৃদ্ধি ভাৰতীয় ৰেলৰ টিকেট বুকিং - যাত্ৰীৰ সংখ্যা বৃদ্ধি

অতিৰিক্ত 80 বিশেষ ট্ৰেইনৰ টিকেট বুকিঙৰ প্ৰথমটো দিনতে যাত্ৰীৰ সংখ্য়া বৃদ্ধি হোৱাটো প্ৰত্যক্ষ কৰিলে ভাৰতীয় ৰেলৱে'ই ৷ বৃহস্পতিবাৰে 5 লাখতকৈ অধিক লোকে টিকেট বুক কৰাৰ কথা জানিব পৰা গৈছে ৷

অতিৰিক্ত 80 বিশেষ ট্ৰেইনৰ টিকেট বুকিং
ভাৰতীয় ৰেলৰ টিকেট বুকিং বৃদ্ধি
author img

By

Published : Sep 11, 2020, 6:02 AM IST

নেশ্যনেল ডেস্ক, 11 ছেপ্তেম্বৰ : অতিৰিক্ত 80 বিশেষ ট্ৰেইনৰ টিকেট বুকিঙৰ প্ৰথমটো দিনতে যাত্ৰীৰ সংখ্য়া বৃদ্ধি হোৱাটো প্ৰত্যক্ষ কৰিলে ভাৰতীয় ৰেলৱে'ই ৷ বৃহস্পতিবাৰে 5 লাখতকৈ অধিক লোকে টিকেট বুক কৰাৰ কথা জানিব পৰা গৈছে ৷

12 ছেপ্তেম্বৰৰ পৰা এই বিশেষ ট্ৰেইনৰ চলাচল আৰম্ভ হ'ব আৰু বৃহস্পতিবাৰৰ পৰা ইয়াৰ বুকিং আৰম্ভ কৰা হৈছে ৷ কেন্দ্ৰীয় ৰেলৱে মন্ত্ৰণালয়ে শনিবাৰে অতিৰিক্ত 40 খন ট্ৰেইনৰ চলাচল আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিছিল ৷ মুঠ 80 খন ট্ৰেইনৰ বাবে বৰ্তমান পৰ্যন্ত বুকিং সম্পন্ন হৈছে 5,04,890 টিকেটৰ ৷

তথ্য অনুসৰি, ভগলপুৰৰ পৰা আনন্দ বিহাৰ টাৰ্মিনেল ট্ৰেইনখনে সৰ্বাধিক 44,475 বুকিং লাভ কৰিছে ৷ ইয়াৰ পাচতে ডিব্ৰুগড়ৰ পৰা লালগড় অৱধ আসাম এক্সপ্ৰেছে 41,104 বুকিং লাভ কৰিছে ৷ আনহাতে, জয়নগৰৰ পৰা নতুন দিল্লীয়ে 39,836 বুকিং লাভ কৰিছে ৷ পুৱা 8 বজাৰ পৰা দিনৰ 12 বজা পৰ্যন্ত এই টিকেটৰ বুকিঙৰ সংখ্য়া বৃদ্ধি পাইছে বুলি তথ্যত প্ৰকাশ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.