ETV Bharat / bharat

বিহাৰৰ "বাইচাইকেল যুৱতীলৈ" ভাৰতীয় ডাক বিভাগৰ বিশেষ সন্মান

গুৰুগ্ৰামৰ পৰা বিহাৰলৈ আঘাতপ্ৰাপ্ত পিতৃক চাইকেলেৰে ১৩০০ কিল'মিটাৰ বাট অতিক্ৰম কৰা জ্যোতি কুমাৰীলৈ ভাৰতীয় ডাক বিভাগৰ বিশেষ সন্মান । জ্য়োতিৰ নাম, ফটো সম্বলিত এক স্মাৰক ডাক টিকট মুকলি ।

Indian Postal Department honours Bihar's 'bicycle girl' with commemorative stamp
বিহাৰৰ "বাইচাইকেল যুৱতীলৈ" ভাৰতীয় ডাক বিভাগৰ বিশেষ সন্মান
author img

By

Published : May 25, 2020, 11:51 AM IST

নিউজ ডেস্ক, ২৫ মে': লক্ ডাউনৰ মাজতেই আঘাতপ্ৰাপ্ত পিতৃক চাইকেলত ১৩০০ কিল'মিটাৰ বাট অতিক্ৰম কৰি চৰ্চালৈ আহিছিল এগৰাকী যুৱতী । আঠ দিন ধৰি চাইকেল চলাই গুৰুগ্ৰামৰ পৰা নিজ গৃহৰাজ্য বিহাৰলৈ বাট অতিক্ৰম কৰিছিল বিহাৰৰ জ্যোতি কুমাৰী নামৰ সাহসী যুৱতীগৰাকীয়ে । শেহতীয়াকৈ ভাৰতীয় ডাক বিভাগৰ দ্বাৰা জ্যোতি কুমাৰীক প্ৰদান কৰা হৈছে এক বিশেষ সন্মান । যুৱতীগৰাকীৰ নামত এখন স্মাৰক ডাক টিকট মুকলি কৰে ডাক বিভাগে ।

জ্যোতিলৈ ভাৰতীয় ডাক বিভাগৰ সন্মান

জানিব পৰা মতে, ভাৰতীয় ডাক বিভাগে ইণ্ডিয়া প'ষ্টছ পেমেণ্ট বেংকত এটা বেংক একাউণ্টো মুকলি কৰি দিয়ে জ্যোতিৰ নামত । লগতে দাৰভংগা ডাক শাখাৰ অধীক্ষক ইউচি প্ৰসাদে জ্যোতিলৈ ৫,১০০ টকাৰ চেক প্ৰদান কৰাৰ লগতে জ্যোতিৰ ফটো আৰু নাম সম্বলিত থকা এটা ডাক টিকটটো মুকলি কৰে ।

উল্লেখ্য় যে, জ্যোতিৰ এনে সাহসিকতাই বিশ্বজুৰি চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছিল । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ জীয়ৰী ইভানকা ট্ৰাম্পেও জ্যোতিৰ এই কাৰ্যকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জ্যোতিৰ সাহসিকতাৰ শলাগ লৈছিল ।

দৰভংগালৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবেই "মাই ষ্টাম্প স্কিম"ৰ অধনীত জ্যোতিক এই সন্মান প্ৰদান কৰা হয় ভাৰতীয় ডাক বিভাগৰ তৰফৰ পৰা । জ্যোতিৰ এই কৰ্মৰ বাবে ইয়াৰ পূৰ্বে ভাৰতৰ চাইকেলিং ফেডাৰেচনেও জ্যোতিক চাইকেলিংৰ ট্ৰায়েলৰ বাবে দিল্লীলৈ মাতি পঠিয়াইছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.