ETV Bharat / bharat

4-5 ছেপ্টেম্বৰত বে অৱ বেংগল ভাৰত-ৰাছিয়া নৌ-সেনাৰ বৃহৎ সামৰিক অনুশীলন

দুয়োপক্ষৰ নৌ-সেনাৰ মাজৰ কৰ্মনীতি আৰু জৰুৰীকালীন সামৰিক প্ৰত্যাহ্বান গ্ৰহণৰ সক্ষমতা বৃদ্ধি কৰিবলৈ 4 আৰু 5 ছেপ্টেম্বৰত ইন্দ্ৰা অনুশীলনৰ অংশস্বৰূপে এক বৃহৎ নৌ-সামৰিক অনুশীলনত অংশগ্ৰহণ কৰিব ভাৰতীয় নৌ-সেনা আৰু ৰাছিয়ান নৌ-সেনাই ৷

author img

By

Published : Sep 2, 2020, 5:29 AM IST

4-5 ছেপ্টেম্বৰত বে অৱ বেংগল ভাৰত-ৰাছিয়া নৌ-সেনাৰ বৃহৎ সামৰিক অনুশীলন
ভাৰত-ৰাছিয়া নৌ-সেনাৰ বৃহৎ সামৰিক অনুশীলন

নিউজ ডেস্ক, 2 ছেপ্টেম্বৰ : জৰুৰীকালীন সামৰিক প্ৰত্যাহ্বানৰ মুখামুখি আৰু দুয়োপক্ষৰ সেনাৰ মাজৰ কাৰ্যনীতি সুচল কৰিবলৈ অহা 4 আৰু 5 ছেপ্টেম্বৰত ভাৰতীয় আৰু ৰাছিয়ান নৌ-সেনাই এক সামৰিক অনুশীলনত অংশগ্ৰহণ কৰিব ৷ ভাৰত আৰু ৰাছিয়াৰ যুটীয়া সামৰিক অনুশীলন ইন্দ্ৰাৰ নৌ-সামৰিক অনুশীলনৰ অংশস্বৰূপে দুয়োখন দেশৰ নৌ-সেনাই বেং অৱ বেংগলত এইদৰে সামৰিক অনুশীলনত মিলিত হ'ব ৷ এই অনুশীলনত সামৰিক নৌ-বন্দুক গুলিচালনা, পৃষ্ঠ আৰু আকাশী লক্ষ্যভেদ, তালাচী আৰু সাগৰ অধিগ্ৰহণ আদি দিশত যুটীয়াভাৱে অনুশীলন কৰিব দুয়োখন দেশৰ নৌ-সেনাই ৷

শেহতীয়াকৈ ভাৰত-চীনৰ মাজত পূব লাডাখত চলি থকা সংঘৰ্ষৰ মাজতে ভাৰত মহাসাগৰ অঞ্চলত ভাৰতীয় নৌ-সেনাই ইয়াৰ উপস্থিতি ব্যাপকভাৱে বৃদ্ধি কৰিছে ৷ এইটো অঞ্চলত ছাবমেৰিণকে ধৰি অধিক সংখ্যক যুদ্ধজাহাজ নিয়োগ কৰিছে ভাৰতীয় নৌ-সেনাই ৷ বিগত জুলাইত ভাৰতীয় নৌ-সেনাই আমেৰিকাৰ নৌ-সেনাৰ কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপৰ পাৰমানৱিক ক্ষমতাসম্পন্ন দুখনকৈ বিমান পৰিৱহনকাৰী যুদ্ধজাহাজৰ সৈতেও অনুশীলনত অংশগ্ৰহণ কৰিছিল ৷ জুন মাহত একেধৰণৰ অনুশীলনত জাপানৰ নৌ-সেনাৰ সৈতে মিলিত হৈছিল ভাৰতীয় নৌ-সেনা ৷

লগতে পঢ়ক : দ্বিতীয়বাৰলৈ ৰাছিয়া ভ্ৰমণত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

প্ৰথমাৱস্থাত ইন্দ্ৰা অনুশীলন ৰাছিয়াৰ ভ্লাডিভষ্টকত অনুষ্ঠিত কৰিবলৈ পৰিকল্পনা কৰা হৈছিল যদিও মহামাৰীৰ বাবেই বাতিল কৰা হৈছিল ৷ বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ৰাছিয়ান নৌ-সেনাৰ জাহাজ এডমিৰেল ভিনোগ্ৰাডভ, এডমিৰেল ট্ৰিবুটছ আৰু বৰিছ বুটোমাৰ লগতে হেলিকপ্টাৰৰ এটা ফ্লীট এই অনুশীলনত অংশগ্ৰহণ কৰিব ৷ ভাৰতীয় নৌ-সেনাৰ ৰনবিজয় (destroyer), চাহয়াদ্ৰি (frigate), কিল্টন (corvette) আৰু শক্তিয়ে (tanker) এই অনুশীলনত ভাগ ল'ব ৷

ৰাছিয়ান নৌ-সেনাই ইতিমধ্যে 31 আগষ্টত শ্ৰীলংকাৰ হামবানটোটা দ্বীপত আহি উপস্থিত হৈছে আৰু 3 ছেপ্টেম্বৰলৈ এক অনুশীলনত অংশগ্ৰহণ কৰিব ৷ ভাৰত-ৰাছিয়াৰ মাজৰ যুটীয়া সামৰিক অনুশীলন ইন্দ্ৰা 2005 চনৰ পৰাই দুয়োখন দেশৰ স্থলসেনা, বায়ুসেনা আৰু নৌ-সেনাৰ মাজত অনুষ্ঠিত হৈ আহিছে ৷

লগতে পঢ়ক : চীনক পৰাভূত কৰা ভাৰতৰ বিশেষ সীমান্ত বল (ছদ্মনাম বিকাশ)ৰ বিষয়ে....

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.