ETV Bharat / bharat

পানীৰ তলেৰে ভাৰতত প্ৰৱেশৰ চেষ্টা জইচ-ই-মহম্মদৰঃ নৌ-সেনা প্ৰধান

author img

By

Published : Aug 26, 2019, 10:19 PM IST

ভাৰতীয় নৌ-সেনাই চোৰাংচোৱাৰ পৰা লাভ কৰিছে সম্ভাৱ্য সাগৰীয় আক্ৰমণৰ তথ্য ৷ পাকিস্তান সেনাৰ দ্বাৰা প্ৰশিক্ষিত জইচ-ই-মহম্মদে একাংশ সন্ত্ৰাসবাদীক পানীৰ তলেৰে ভাৰত আক্ৰমণ কৰাৰ প্ৰশিক্ষণ প্ৰদান কৰি আছে ৷ সোমবাৰে এই বিস্ফোৰক মন্তব্য কৰে ভাৰতীয় নৌ-সেনা প্ৰধান এডমিৰেল কৰমবীৰ সিঙে ৷

নৌ-সেনা প্ৰধান

নিউজ ডেস্ক, 26 আগষ্টঃ চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতে সাগৰত হাই এলাৰ্টত আছে ভাৰতীয় নৌ-সেনা ৷ বিশেষ সূত্ৰৰ পৰা ভাৰতীয় নৌ-সেনাই পানীৰ তলেৰে ভাৰত আক্ৰমণ কৰাৰ সম্ভাৱ্য তথ্য লাভ কৰিছে ৷ ইয়াৰ বাবে পাকিস্তান সেনাৰ সমৰ্থিত জইচ-ই-মহম্মদে একাংশ সন্ত্ৰাসবাদীক কঠোৰ প্ৰশিক্ষণ প্ৰদান কৰি আছে ৷ সোমবাৰে এই ভয়ংকৰ তথ্য উল্লেখ কৰে ভাৰতীয় নৌ-সেনাৰ প্ৰধান এডমিৰেল কৰমবীৰ সিঙে ৷ পুনেত অনুষ্ঠিত হোৱা সামৰিক অনুষ্ঠানত অংশগ্ৰহণ কৰি কেবাটাও গুৰুত্বপূৰ্ণ তথ্য উল্লেখ কৰে ভাৰতীয় নৌ-সেনা প্ৰধান এডমিৰেল কৰমবীৰ সিঙে ৷ নৌ-সেনা প্ৰধানগৰাকীয়ে কয় যে, 2008 চনৰ 26/11 মুম্বাই আক্ৰমণৰ পিছতে আমি উপকূলীয় সুৰক্ষা ব্যৱস্থা গঢ়ি তুলিছিলো ৷ দেশৰ সাগৰীয় সীমাৰ সুৰক্ষাৰ দায়িত্ব উপকূলৰক্ষী বাহিনীৰ সৈতে সফলতাৰে পালন কৰি আহিছে ভাৰতীয় নৌ-সেনাই ৷ ভাৰতীয় নৌ-সেনাক এই কামত সাগৰীয় আৰক্ষীৰ লগতে অন্যান্য সুৰক্ষা সংস্থাসমূহেও সহায় কৰি আহিছে ৷ সাগৰীয় পথেৰে যাতে দেশত কোনো অপশক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে তাৰ ওপৰত তীক্ষ্ন নজৰ ৰাখিছে ভাৰতীয় নৌ-সেনাই ৷

পানীৰ তলেৰে ভাৰতত প্ৰৱেশৰ চেষ্টা জইচ-ই-মহম্মদৰঃ নৌ-সেনা প্ৰধান

নৌ-সেনা প্ৰধানগৰাকীয়ে লগতে কয় যে,শেহতীয়াকৈ আমি চোৰাংচোৱাৰ পৰা নিখুট তথ্য লাভ কৰিছো ৷ পাকিস্তান সেনাৰ দ্বাৰা সমৰ্থিত জইচ-ই-মহম্মদৰ সন্ত্ৰাসবাদীয়ে সাগৰীয় পথেৰে ভাৰতত আক্ৰমণ কৰাৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷ ইয়াক প্ৰতিৰোধৰ বাবে ভাৰতীয় নৌ-সেনাই সকলো দিশ নিৰীক্ষণ কৰি আছে আৰু কোনোধৰণৰ কূটাঘাতমূলক কাৰ্যসূচী যাতে সংঘটিত কৰিব নোৱাৰে তাৰ ওপৰত চকু ৰাখিছে ভাৰতীয় নৌ-সেনাই ৷ ভাৰত মহাসাগৰ অঞ্চলত ভাৰতীয় নৌ-সেনাই চীনৰ ওপৰত চকু ৰাখি আছে ৷ চীনে ইতিমধ্যে বিশ্বশক্তিত পৰিণত হৈছে ৷ ভাৰতীয় নৌ-সেনাৰ বাবে ৰাষ্ট্ৰীয় সুৰক্ষাই হৈছে প্ৰধান আৰু মুখ্য বিষয় ৷ সেইবাবে আমি চীনৰ গতিবিধিৰ ওপৰতো তীক্ষ্ন নজৰ ৰাখিছো ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইদৰে উল্লেখ কৰে ভাৰতীয় নৌ-সেনা প্ৰধান এডমিৰেল কৰমবীৰ সিঙে ৷

Intro:Body:

পানীৰ তলেৰে ভাৰতত প্ৰৱেশৰ চেষ্টা জইচ-ই-মহম্মদৰঃ নৌ-সেনা প্ৰধান 

ভাৰতীয় নৌ-সেনাই চোৰাংচোৱাৰ পৰা লাভ কৰিছে সম্ভাব্য সাগৰীয় আক্ৰমণৰ তথ্য ৷ পাকিস্তান সেনাৰ দ্বাৰা প্ৰশিক্ষিত জইচ-ই-মহম্মদে একাংশ সন্ত্ৰাসবাদীক পানীৰ তলেৰে ভাৰত আক্ৰমণ কৰাৰ প্ৰশিক্ষণ প্ৰদান কৰি আছে ৷ সোমবাৰে এই বিস্ফোৰক মন্তব্য কৰে ভাৰতীয় নৌ-সেনা প্ৰধান এডমিৰেল কৰমবীৰ সিঙে ৷ 

নিউজ ডেস্ক, 26 আগষ্টঃ চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতে সাগৰত হাই এলাৰ্টত আছে ভাৰতীয় নৌ-সেনা ৷ বিশেষ সূত্ৰৰ পৰা ভাৰতীয় নৌ-সেনাই পানীৰ তলেৰে ভাৰত আক্ৰমণ কৰাৰ সম্ভাব্য তথ্য লাভ কৰিছে ৷ ইয়াৰ বাবে পাকিস্তান সেনাৰ সমৰ্থিত জইচ-ই-মহম্মদে একাংশ সন্ত্ৰাসবাদীক কঠোৰ প্ৰশিক্ষণ প্ৰদান কৰি আছে ৷ সোমবাৰে এই ভয়ংকৰ তথ্য উল্লেখ কৰে ভাৰতীয় নৌ-সেনাৰ প্ৰধান এডমিৰেল কৰমবীৰ সিঙে ৷ 

পুনেত অনুষ্ঠিত হোৱা সামৰিক অনুষ্ঠানত অংশগ্ৰহণ কৰি কেবাটাও গুৰুত্বপূৰ্ণ তথ্য উল্লেখ কৰে ভাৰতীয় নৌ-সেনা প্ৰধান এডমিৰেল কৰমবীৰ সিঙে ৷ নৌ-সেনা প্ৰধানগৰাকীয়ে কয় যে, 2008 চনৰ 26/11 মুম্বাই আক্ৰমণৰ পিছতে আমি উপকূলীয় সুৰক্ষা ব্যৱস্থা গঢ়ি তুলিছিলো ৷ দেশৰ সাগৰীয় সীমাৰ সুৰক্ষাৰ দায়িত্ব উপকূলৰক্ষী বাহিনীৰ সৈতে সফলতাৰে পালন কৰি আহিছে ভাৰতীয় নৌ-সেনাই ৷ ভাৰতীয় নৌ-সেনাক এই কামত সাগৰীয় আৰক্ষীৰ লগতে অন্যান্য সুৰক্ষা সংস্থাসমূহেও সহায় কৰি আহিছে ৷ সাগৰীয় পথেৰে যাতে দেশত কোনো অপশক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে তাৰ ওপৰত তীক্ষ্ন নজৰ ৰাখিছে ভাৰতীয় নৌ-সেনাই ৷ 

নৌ-সেনা প্ৰধানগৰাকীয়ে লগতে কয় যে, শেহতীয়াকৈ আমি চোৰাংচোৱাৰ পৰা নিখুট তথ্য লাভ কৰিছো ৷ পাকিস্তান সেনাৰ দ্বাৰা সমৰ্থিত জইচ-ই-মহম্মদৰ সন্ত্ৰাসবাদীয়ে সাগৰীয় পথেৰে ভাৰতত আক্ৰমণ কৰাৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷ ইয়াক প্ৰতিৰোধৰ বাবে ভাৰতীয় নৌ-সেনাই সকলো দিশ নিৰীক্ষণ কৰি আছে আৰু কোনোধৰণৰ কূটাঘাতমুলক কাৰ্যসূচী যাতে সংঘটিত কৰিব নোৱাৰে তাৰ ওপৰত চকু ৰাখিছে ভাৰতীয় নৌ-সেনাই ৷ 

ভাৰত মহাসাগৰ অঞ্চলত ভাৰতীয় নৌ-সেনাই চীনৰ ওপৰত চকু ৰাখি আছে ৷ চীনে ইতিমধ্যে বিশ্বশক্তিত পৰিনত হৈছে ৷ ভাৰতীয় নৌ-সেনাৰ বাবে ৰাষ্ট্ৰীয় সুৰক্ষাই হৈছে প্ৰধান আৰু মুখ্য বিষয় ৷ সেইবাবে আমি চীনৰ গতিবিধিৰ ওপৰতো তীক্ষ্ন নজৰ ৰাখিছো ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইদৰে উল্লেখ কৰে ভাৰতীয় নৌ-সেনা প্ৰধান এডমিৰেল কৰমবীৰ সিঙে ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.