ETV Bharat / bharat

ডুবাইত আৱদ্ধ হৈ থকা ৪,০০০ ভাৰতীয়ক সহায় কনচুলেট জেনেৰেলৰ - ভাৰতীয়ক সহায়

কোভিড-১৯ মহামাৰীৰ সময়ত ডুবাইত ভেণ্ডিং মেচিনৰ দ্বাৰা চাৰ্জিকেল মাস্ক বিক্ৰী কৰা হয় । আনহাতে ডুবাইত আৱদ্ধ হৈ থকা ৪,০০০ ভাৰতীয়ক কনচুলেট জেনেৰেল অৱ ইণ্ডিয়াই খাদ্য সামগ্ৰীকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰে ।

৪,০০০ ভাৰতীয়ক সহায় কনচুলেট জেনেৰেলৰ
৪,০০০ ভাৰতীয়ক সহায় কনচুলেট জেনেৰেলৰ
author img

By

Published : Apr 22, 2020, 12:18 PM IST

নিউজ ডেস্ক, ২২ এপ্ৰিলঃ কোভিড-১৯ মহামাৰীৰ সময়ত ডুবাইত আৱদ্ধ হৈ পৰিছে ৪,০০০ ভাৰতীয় । এইসমূহ ভাৰতীয়ক ডুবাইস্থিত কনচুলেট জেনেৰেল অৱ ইণ্ডিয়াই বিগত চাৰি সপ্তাহ ধৰি খাদ্যকে ধৰি অন্যান্য সামগ্ৰী প্ৰদান কৰিছে । মহামাৰীৰ সময়ত এইদৰে ডুবাইত আৱদ্ধ হৈ পৰা ভাৰতীয়সকলৰ সহায়ৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰিছে বিষয়াগৰাকীয়ে ।

ডুবাইস্থিত কনচুলেট জেনেৰেল অৱ ইণ্ডিয়াৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এক বিজ্ঞপ্তিত এই কথা উল্লেখ কৰা হৈছে । ডুবাইত থকা ইণ্ডিয়ান কমিউনিটি ৱেলফেয়াৰ ফাণ্ড (Indian Community Welfare Fund) আৰু অন্যান্য ভাৰতীয় সংস্থাসমূহৰ সহযোগত এইদৰে প্ৰায় ৪,০০০ৰো অধিক ভাৰতীয়ক খাদ্য সামগ্ৰী, ৰেচন তথা অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰা হৈছে । ইয়াৰ দ্বাৰা তিনিটাকৈ শ্ৰমিক কেম্পত ক্ৰমে, ১৫০, ১৯০ আৰু ৯০ গৰাকীকৈ কৰ্মীয়ে সুফল লাভ কৰাৰ লগতে আইচিডব্লিউএফৰ ৬০গৰাকী লোকক আশ্ৰয়ৰ ব্যৱস্থা কৰি দিয়া হৈছে । ইয়াৰ উপৰিও মৃত্যুমুখত পৰা ১৭ গৰাকীকৈ ভাৰতীয়ৰ অন্তিম সংস্কাৰৰ ব্যৱস্থাও কনচুলেটৰ কাৰ্যালয়ৰ সহযোগত সম্পন্ন কৰা হৈছে ।

আনহাতে ডুবাইৰ বিভিন্ন স্থানত কোভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ভেণ্ডিং মেচিনৰ ব্যৱস্থাও কৰা হৈছে । এইসমূহ ভেণ্ডিং মেচিনৰ দ্বাৰা বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি বিশেষকৈ চাৰ্জিকেল মাস্ক বিক্ৰী কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.