ETV Bharat / bharat

লকডাউনত পাকিস্তানত আবদ্ধ ২৫০ গৰাকী ভাৰতীয় ঘৰ অভিমুখে ৰাওনা

আতাৰি-ৱাঘা সীমান্তৰে পাকিস্তানৰ পৰা অহা ২৫০ গৰাকী ভাৰতীয় আজি স্বদেশলৈ ওভতিব । শুকুৰ আৰু শনিবাৰেও ৪৯৮ গৰাকী ভাৰতীয় আন্ত:ৰাষ্ট্ৰীয় পথেৰে পাকিস্তানৰ পৰা ঘৰমূৱা হ'ব । বৃহস্পতিবাৰে ঘৰমূৱা হব লগা প্ৰথমটো দলৰ সদস্য সকল জম্মু আৰু কাশ্মীৰৰ আবাসী বুলি জানিব পৰা গৈছে ।

author img

By

Published : Jun 25, 2020, 6:38 PM IST

indian citizens stranded in pakistan
indian citizens stranded in pakistan

নিউজ ডেস্ক,২৫ জুন: পাকিস্তানৰ পৰা ঘৰমূৱা হোৱা এই সকল ভাৰতীয়ৰ স্বাস্থ্য পৰীক্ষাৰ বাবে ইতিমধ্যে এটা স্বাস্থ্যদলৰ শিবিৰ সীমান্তত স্থাপন কৰা হৈছে । ইয়াতেই সকলোৰে স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাৰ অন্তত নিজ নিজ ৰাজ্যলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হব আৰু এওঁলোক আটাইয়ে ১৪ দিনৰ হোম কোৱাৰেণ্টাইনৰ লগতে ক'ৰণা সম্পৰ্কীয় চৰকাৰী নিৰ্দেশনা সমূহ পালন কৰিব লগিব । এই কথা অৱগত কৰিলে এচডিএম শিৱৰাজ সিঙে ।

পাকিস্তানত আবদ্ধ ২৫০ গৰাকী ভাৰতীয় ঘৰ অভিমুখে ৰাওনা

উল্লেখ্য যে, লকডাউনৰ বাবে বন্ধ কৰি দিব লগা হৈছিল ভাৰত-পাকিস্তানৰ পথ যোগাযোগ ব্যৱস্থা । ফলত পাকিস্তানলৈ যোৱা জম্মু কাশ্মীৰ, গুজৰাট, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান, পঞ্জাৱ, দিল্লী, মধ্য প্ৰদেশ আৰু হাৰিয়ানাকে আদি কৰি বহুকেইখন ৰাজ্যৰ ৭৪৮ গৰাকী লোক পাকিস্তানত আবদ্ধ হৈ পৰিছিল । এইসকল লোকৰ কোনোজন নিজৰ আত্মীয় অথবা কোনোজন তীৰ্থ যাত্ৰাৰ বাবে পাকিস্তানলৈ গৈছিল ।

লগতে পঢ়ক : বক্সাৰ লাভলীনা বৰগোঁহাইলৈ "ধনশিৰি ৰত্ন বঁটা"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.