ETV Bharat / bharat

প্ৰচণ্ড শীতৰ বাবে লাডাখ সীমান্তত টেণ্টৰ ব্য়ৱস্থা কৰিবলৈ নিৰ্দেশ ভাৰতীয় সেনাৰ

author img

By

Published : Jul 6, 2020, 7:56 PM IST

লাডাখ সীমান্তত সকলো অস্ত্ৰ-সস্ত্ৰ, গুলী-বাৰুদৰ উপৰিও জৰুৰীকালীন সময়ত প্ৰয়োজন হ'ব পৰা সকলো সামগ্ৰী সেনা জোৱানসকলৰ বাবে মজুত ৰখা হ'ব। ভাৰতীয় সেনাৰ সূত্ৰই প্ৰকাশ কৰে এই কথা।

Indian Army
Indian Army to place emergency orders for extreme cold weather tents for soldiers on LAC

নিউজ ডেস্ক, ৬ জুলাইঃ চীনৰ আগ্ৰাসনৰ সৈতে মোকাবিলা কৰিবৰ বাবে লাডাখ সীমান্তত মোতায়েন কৰা হৈছে ৩০,০০০ অতিৰিক্ত সেনাজোৱান । লগতে, সীমান্তত থকা ভাৰতীয় সৈন্যসকলক প্ৰচণ্ড শীতৰ পৰা বাচি থাকিবলৈ টেণ্টৰ সুবিধা কৰিবলৈ জৰুৰীকালীন আদেশ প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে ।

প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (Line of Actual Control) সমূহত এই যুদ্ধ দীৰ্ঘ সময়ৰ বাবে হ'ব পাৰে বুলি ভাবি সীমান্তত ভাৰতীয় সেনাৰ বাবে টেণ্টৰ প্ৰয়োজনীয়তা আহি পৰিছে। ভাৰতীয় সেনাৰ জ্যেষ্ঠ বিষয়াসকলে এই যুদ্ধ প্ৰায় ছেপ্তেম্বৰ-অক্টোবৰলৈকে অব্যাহত থাকিব পাৰে বুলি ধাৰণা কৰিছে ।

চীনা পিপুলছ লিবাৰেছন পাৰ্টীয়ে গালৱান উপত্যকাৰ পৰা ২ কিল'মিটাৰ পিছুৱাই গ'লেও আমি সতৰ্ক হৈ থাকিব লাগিব বুলি সেনাৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰে। সেয়েহে পূৱ লাডাখ চেক্তৰত অত্যাধিক শীতৰ পৰা বাচি থাকিবলৈ এহাজাৰ টেণ্ট লগোৱাৰ আদেশ প্ৰদান কৰা হ'ব ।

সীমান্তত সকলো অস্ত্ৰ-সস্ত্ৰ, গুলী-বাৰুদৰ উপৰিও জৰুৰীকালীন সময়ত প্ৰয়োজন হ'ব পৰা সকলো সামগ্ৰী সেনা জোৱানসকলৰ বাবে মজুত ৰখা হ'ব। চীনে ইতিমধ্যে শীলকালীন টেণ্ট গঢ়ি তোলাৰ লগতে আৰু প্ৰয়োজনীয় সকলো সামগ্ৰী মজুত ৰাখিছে বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্ত্বাধীন চৰকাৰখনে অস্ত্ৰ-সস্ত্ৰ, গুলী-বাৰুদ আৰু সেনাৰ আবাসস্থলসমূহত প্ৰয়োজনীয় সকলো সুবিধা প্ৰদান কৰিবলৈ ৫০০ কোটি টকা আগবঢ়াইছে । সেনা বাহিনীয়ে ৰাচিয়াৰ লগতে বিশ্বৰ আন প্ৰান্তৰ পৰা "M-777 ultra-light howitzers" আৰু আন আন অস্ত্ৰ-সস্ত্ৰ, গুলী-বাৰুদ ক্ৰয় কৰিব বুলি জানিব পৰা গৈছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.