তেজপুৰ, 20 জুলাই : অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্রেমা খাণ্ডুয়ে সোমবাৰে বৌদ্ধ ধৰ্মাৱলম্বী গুৰু পদ্মা সম্ভাৱীৰ এটি মূৰ্ত্তি আৰু লগতে এটা প্ৰাৰ্থনা কক্ষ উদ্বোধন কৰে টাৱাংৰ চুমী জ্ঞাষ্টৰেত । ভাৰতীয় সেনা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত তিব্বত আৰু মনপা সকলৰ বাবে এই চুমী হ্রদ স্থানীয় লোকৰ মাজত এক প্ৰভূত বিস্তাৰিত কৰাৰ বাবে মুখ্যমন্ত্ৰী আৰু ভাৰতীয় সেনাৰ তৰফৰ পৰা 2018 চনতে এই প্ৰাৰ্থনা সভাৰ কক্ষৰ নিৰ্মাণ কৰা হৈছিল আৰু চলিত বৰ্ষৰ জুন মাহত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয় ।
![INDIAN ARMY TEMPLE AT ARUNACHAL PRADESH](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8104098_456.jpg)
সোমবাৰে অৰুণাচলৰ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰাৰ্থনা গৃহটো মুকলি কৰি প্ৰাৰ্থনা গৃহটো পৰৱৰ্তী সময়ত পৰ্যটকৰ কেন্দ্ৰ বিন্দু হ'ব বুলিও মন্তব্য প্ৰদান কৰে ৷
![INDIAN ARMY TEMPLE AT ARUNACHAL PRADESH](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8104098_34.jpg)
লগতে পঢ়ক : অৰুণাচল প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰীৰে সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ