নেশন্যেল ডেস্ক, 24 অক্টোবৰ : ভাৰতীয় নিৰাপত্তাবাহিনীৰ দলে জম্মু কাশ্মীৰৰ কুপাৱাৰ জিলাৰ কেৰান চেক্টৰত ভূ-পতিত কৰে এখন ড্ৰ’ণ ৷ লাইন অৱ এক্সুৱেল কন্ট’লৰ সমীপত পাকিস্তান সেনাৰ এখন ড্ৰ’ণ ধ্বংস কৰিছে ভাৰতীয় সেনাই ৷ সেনাৰ সূত্ৰই সদৰী কৰা অনুসৰি পুৱা প্ৰায় 8 বজাত ড্ৰ’ণ খন ধ্বংস কৰা হয় ৷ পাকিস্তানী ড্ৰ’ণখন চীনা কোম্পানীয়ে নিৰ্মাণ কৰা আৰু ই ডি জে আই মেভিক2 প্ৰ’ আৰ্হিৰ বুলি জানিব পৰা গৈছে ৷
ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে লাইন অৱ এক্সুৱেল কন্ট্ৰ’লত থকা শিবিৰ সমূহত পাকিস্তানী সেনাই আক্ৰমণ চলোৱা অথবা ব’ৰ্ডাৰ এক্সন টিমৰ ওপৰত আক্ৰমণ চলোৱা আৰু উগ্ৰপন্থীৰ অনুপ্ৰৱেশৰ ওপৰত চোকা নজৰ ৰাখিছে ৷
স্থলসেনা প্ৰধান মনোজ মুকুন্দ নাৰৱানে শেহতীয়াকৈ প্ৰকাশ কৰা অনুসৰি পাকিস্তানে তেওঁলোকৰ নিকৃষ্ট প্ৰক্ৰিয়াৰে ভাৰতত উগ্ৰপন্থীৰ অনুপ্ৰৱেশ কৰোৱাৰ চেষ্টা চলাই আছে ৷ কিন্তু ভাৰতীয় সেনাই এই প্ৰক্ৰিয়াক বাৰে বাৰে বিফল কৰিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়ক : দিল্লীত ভয়াৱহভাৱে নিম্নগামী হৈছে বায়ুৰ গুণগত মানৰ সূচাংক