ETV Bharat / bharat

ভাৰতীয় সেনাৰ সাফল্য:ৰোধ হ'ল অৰুণাচল প্ৰদেশৰ চিলিপাম মঠৰ বনজুই

ভাৰতীয় সেনাই অৰুণাচল প্ৰদেশৰ পশ্চিম কামেঙৰ চিলিপাম মঠত সংঘটিত হোৱা বনজুই নিয়ন্ত্ৰণ কৰাত বন কৰ্তৃপক্ষক সহায় কৰিছিল । সেনাই প্ৰকাশ কৰা অনুসৰি,সেনা আৰু বন কৰ্তৃপক্ষৰ প্ৰচেষ্টা আৰু দ্ৰুত সঁহাৰিত এই বনজুই ৰোধ কৰিব পৰা গৈছিল ৷

author img

By

Published : Feb 8, 2021, 10:46 AM IST

Indian Army helps authorities to control forest fire in Arunachal
ভাৰতীয় সেনাৰ সাফল্য:ৰোধ হ'ল অৰুণাচল প্ৰদেশৰ চিলিপাম মঠৰ বনজুই

নিউজ ডেস্ক,8ফেব্ৰুৱাৰী: দেওবাৰে অৰুণাচল প্ৰদেশৰ পশ্চিম কামেঙৰ চিলিপাম মঠত সংঘটিত হোৱা বনজুইক প্ৰতিহত কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনাই ৷ ভাৰতীয় সেনাই চিলিপাম মঠত সংঘটিত হোৱা বনজুই নিয়ন্ত্ৰণ কৰিবলৈ বন কৰ্তৃপক্ষক সহায় কৰে । ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডে এক টুইটত প্ৰকাশ কৰা অনুসৰি,সেনা আৰু বন কৰ্তৃপক্ষৰ প্ৰচেষ্টা আৰু দ্ৰুত সহাৰিয়ে প্ৰলয়ংকাৰী দুৰ্যোগৰ পৰা ৰক্ষা কৰে অৰুণাচল প্ৰদেশৰ পশ্চিম কামেংবাসীক ৷

উল্লেখ্য যে,ভাৰতীয় সেনাই দেশক সুৰক্ষিত কৰিবলৈ বা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জীৱন ৰক্ষা কৰিবলৈ সদায় থিয় দি আহিছে ৷ দেওবাৰেও অৰুণাচল প্ৰদেশত সংঘটিত হোৱা ভয়ংকৰ বনজুইক ৰোধ কৰাৰ বাবে নামি পৰিছিল অভিযানত ৷ অশেষ চেষ্টা আৰু কষ্টৰ ফলত অৱশেষত বন বিভাগৰ লোকে ভাৰতীয় সেনাৰ সহযোগত এই বনজুইক ৰোধ কৰিবলৈ সক্ষম হয় ৷

অন্য এক খবৰৰ বাবে: দিল্লীৰ 'জেকচন'ৰ হাতত বিক্ৰী আমগুৰিৰ সৌৰশক্তি প্ৰকল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.