নিউজ ডেস্ক, 2 জুলাই : এইবাৰ কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ভাৰতীয় স্থলসেনাৰ এগৰাকী শীৰ্ষ বিষয়াৰ ৷ কলকাতাস্থিত স্থলসেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুখ্যালয় ফৰ্ট উইলিয়ামছত কৰ্মৰত আছিল বিষয়াগৰাকী ৷
কোভিড-19ত আক্ৰান্ত হৈ মৃত্য়ুবৰণ কৰা ভাৰতীয় স্থলসেনাৰ বিষয়াগৰাকী ব্ৰীগেডিয়াৰ বিকাশ স্য়ানাল বুলি জানিব পৰা গৈছে ৷ আলিপুৰস্থিত সামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ব্ৰীগেডিয়াৰ স্যানাল ৷ ইষ্টাৰ্ণ কামাণ্ডৰ এক বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ব্ৰীগেডিয়াৰগৰাকীৰ পত্নী আৰু কন্যাও কোভিড-19ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৷
ব্ৰীগেডিয়াৰৰ মৃত্য়ুৰ পিচতে ফৰ্ট উইলিয়ামছৰ ভিতৰচৰা তথা আৱাসিক অঞ্চলসমূহ স্থলসেনাই ছেনিটাইড কৰিছে আৰু ব্ৰীগেডিয়াৰৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলৰ চিনাক্তকৰণ প্ৰক্ৰিয়া অব্যাহত আছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ প্ৰতিৰক্ষা খণ্ডলৈ প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদৰ 38,900 কোটিৰ অনুমতি