ETV Bharat / bharat

পাকিস্তানক উচিত শিক্ষা দিবলৈ সাজু ভাৰতীয় সৈন্যবল - ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল

মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা সংযুক্ত সুৰক্ষা কমিটিৰ বৈঠকত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ সভাত সেনাৰ তিনিওটা প্ৰধান অংগই পাকিস্তানৰ সৈতে যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু বুলি প্ৰকাশ কৰি কেৱল চৰকাৰৰ আদেশলৈ অপেক্ষা কৰিছে বুলি জনায় ৷

প্ৰতীকাত্মক ছবি
author img

By

Published : Apr 3, 2019, 7:53 PM IST

নিউজ ডেস্ক, ৩এপ্ৰিলঃ বিগত দিনসমূহত দিনে নিশাই জম্মু কাশ্মীৰৰ ভাৰত-পাক সীমান্তৰ নিয়ন্ত্ৰণৰেখাত উলংঘনহৈ থকা যুদ্ধবিৰতি চুক্তিক লৈ মঙলবাৰে আলোচনাত মিলিত হয় দেশৰ সংযুক্ত সুৰক্ষা কমিটি ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল আৰু প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ উচ্চপদস্থ বিষয়াৰ লগতে সেনাৰ তিনিওটা অংগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ৷

লোকসভা নিৰ্বাচনৰ সময়তে পাকিস্তানে নিয়ন্ত্ৰণৰেখাত ক্ৰমাগতভাৱে যুদ্ধবিৰতি চুক্তি উলংঘনকৰি আহিছে ৷ পাকিস্তানী সেনাৰ যিকোনো প্ৰত্যাহ্বান দিবলৈ ভাৰতীয় সেনাবাহিনী কিমান সাজু তাক লৈয়ে এই সভা অনুষ্ঠিত কৰা হৈছিল ৷পাকিস্তানৰ ওপৰত সামৰিক আৰু কূটনৈতিক সকলোধৰণৰ চাপ দিবলৈ ভাৰতীয় সেনা সম্পূৰ্ণ সাজু আৰু চৰকাৰৰ নিৰ্দেশ পালেই ভাৰতীয় সেনাই পাকিস্তানক উচিত শিক্ষা প্ৰদান কৰিব বুলি সভাত প্ৰকাশ কৰে ভাৰতীয় সৈন্যবাহিনীৰ বিষয়াসকলে ৷ পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সৈন্যবাহিনীক অনুমতি প্ৰদান কৰে ৷

সভাত সেনাই গ্ৰহণ কৰা চাৰিটা সিদ্ধান্ত প্ৰকাশ কৰিছেঃ

১. আক্ৰমণ লক্ষ্য নিৰ্ধাৰিত হ'ব

২. লক্ষ্যসমূহ অ-সামৰিক নহ'ব

৩.পাকিস্তান অধ্যুষিত কাশ্মীৰকে ধৰি পাকিস্তানৰ ভিতৰটো হ'ব পাৰে এই আক্ৰমণ

৪. আক্ৰমণ সক্ৰিয়তামূলক হ'ব, প্ৰতিক্ৰিয়ামূলক নহয়

উল্লেখ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জম্মু কাশ্মীৰৰ পুলৱামাত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ওপৰত পাকিস্তান সমৰ্থিত জইচ-ই-মহম্মদৰ আত্মঘাতী আক্ৰমণে প্ৰায় ৪০ গৰাকীৰো অধিক জোৱানৰ প্ৰাণ কাঢ়ি নিছিল ৷এই আক্ৰমণৰ পাচতেই সমগ্ৰ বিশ্বই পাকিস্তানক সমালোচনা কৰাৰ লগতে ভাৰতৰ পক্ষে ঠিয় হৈছিল ৷ পৰৱৰ্তী সময়ত ভাৰতে উক্ত আক্ৰমণৰ প্ৰত্যুত্তৰ প্ৰদান কৰিছিল আৰু প্ৰায় ৩০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছিল ৷

Indian Army, Air Force, Navy reportedly ready to strike Pakistan again

Indian Army
Indian Navy
Indian Air Force
Combined Committee on Security 
National Security Advisor Ajit Doval
Prime Minister Narendra Modi 
Ready to strike Pakistan
ভাৰতীয় স্থলসেনা
ভাৰতীয় বায়ু সেনা 
ভাৰতীয় নৌ-সেনা 
সংযুক্ত সুৰক্ষা কমিটি 
ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী 

পাকিস্তানক উচিত শিক্ষা দিবলৈ সাজু ভাৰতীয় সৈন্যবল 

মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা সংযুক্ত সুৰক্ষা কমিটিৰ বৈঠকত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ সভাত সেনাৰ তিনিওটা প্ৰধান অংগই পাকিস্তানৰ সৈতে যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু বুলি প্ৰকাশ কৰি কেৱল চৰকাৰৰ আদেশলৈ অপেক্ষা কৰিছে বুলি জনায় ৷ 

নিউজ ডেস্ক, 3 এপ্ৰিলঃ বিগত দিনসমূহত দিনে নিশাই জম্মু কাশ্মীৰৰ ভাৰত-পাক সীমান্তৰ নিয়ন্ত্ৰণৰেখাত উলংঘণ হৈ থকা যুদ্ধবিৰতি চুক্তিক লৈ মঙলবাৰে আলোচনাত মিলিত হয় দেশৰ সংযুক্ত সুৰক্ষা কমিটি ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল আৰু প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ উচ্চপদস্থ বিষয়াৰ লগতে সেনাৰ তিনিওটা অংগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ৷ 

লোকসভা নিৰ্বাচনৰ সময়তে পাকিস্তানে নিয়ন্ত্ৰণৰেখাত ক্ৰমাগতভাৱে যুদ্ধবিৰতি চুক্তি উলংঘণ কৰি আহিছে ৷ পাকিস্তানী সেনাৰ যিকোনো প্ৰত্যাহ্বান দিবলৈ ভাৰতীয় সেনাবাহিনী কিমান সাজু তাক লৈয়ে এই সভা অনুষ্ঠিত কৰা হৈছিল ৷ 

পাকিস্তানৰ ওপৰত সামৰিক আৰু কূটনৈতিক সকলোধৰণৰ চাপ দিবলৈ ভাৰতীয় সেনা সম্পূৰ্ণ সাজু আৰু চৰকাৰৰ নিৰ্দেশ পালেই ভাৰতীয় সেনাই পাকিস্তানক উচিত শিক্ষা প্ৰদান কৰিব বুলি সভাত প্ৰকাশ কৰে ভাৰতীয় সৈন্যবাহিনীৰ বিষয়াসকলে ৷ পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সৈণ্যবাহিনীক অনুমতি প্ৰদান কৰে ৷ 

সভাত সেনাই গ্ৰহণ কৰা চাৰিটা সিদ্ধান্ত প্ৰকাশ কৰিছেঃ 
1. আক্ৰমণ লক্ষ্য নিৰ্ধাৰিত হ'ব 
2. লক্ষ্যসমূহ অ-সামৰিক নহ'ব 
3. পাকিস্তান অধ্যুষিত কাশ্মীৰকে ধৰি পাকিস্তানৰ ভিতৰটো হ'ব পাৰে এই আক্ৰমণ 
4. আক্ৰমণ সক্ৰিয়তামূলক হ'ব, প্ৰতিক্ৰিয়ামূলক নহয় 

উল্লেখ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জম্মু কাশ্মীৰৰ পুলৱামাত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ওপৰত পাকিস্তান সমৰ্থিত জইচ-ই-মহম্মদৰ আত্মঘাতী আক্ৰমণে প্ৰায় 40 গৰাকীৰো অধিক জোৱানৰ প্ৰাণ কাঢ়ি নিছিল ৷ 

এই আক্ৰমণৰ পাচতেই সমগ্ৰ বিশ্বই পাকিস্তানক সমালোচনা কৰাৰ লগতে ভাৰতৰ পক্ষে ঠিয় হৈছিল ৷ পৰৱৰ্তী সময়ত ভাৰতে উক্ত আক্ৰমণৰ প্ৰত্যুত্তৰ প্ৰদান কৰিছিল আৰু প্ৰায় 300 ৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছিল ৷  

sf.JPG
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.