নিউজ ডেস্ক, 3 জুলাই : 2027 চনত বিশ্বৰ সৰ্ববৃহৎ জনসংখ্যাৰ দেশ হ’ব ভাৰত ৷ ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ৷ প্ৰতিবেদনৰ তথ্য অনুসৰি, পৰৱৰ্তী 7 বছৰত চুবুৰীয়া দেশ চীনৰ 143 কোটি জনসংখ্যা অতিক্ৰম কৰিব ভাৰতৰ জনবিস্ফোৰণে ৷ 2050 চনত ভাৰতৰ আনুমানিক জনসংখ্যা 164 কোটিতকৈ অধিক হ’ব বুলি প্ৰতিবেদনত প্ৰকাশ ৷ অৱশ্যে ৰাষ্ট্ৰসংঘৰ পূৰ্বৰ একাধিক প্ৰতিবেদনকৈ এই প্ৰতিবেদনত পাৰ্থক্য দেখা গৈছে ৷ 2015 চনৰ প্ৰতিবেদন অনুসৰি 2022 চনতে ভৰতে চীনৰ জনসংখ্যা চেৰ পেলাব বুলি উল্লেখ আছিল ৷ আনহাতে, 2017 চনৰ প্ৰতিবেদনত প্ৰকাশিত তথ্যত এই সময়সীমা আছিল 2024 চন ৷
2050 চনলৈ ভাৰত, পাকিস্তান আৰু নাইজেৰিয়াত বৃদ্ধি হ’ব প্ৰায় 50 শতাংশ জনসংখ্যা ৷ যাৰ বাবে এই দেশকেইখনে ইয়াৰ পৰা উদ্ভৱ হ’ব পৰা সমস্যা নিৰ্মূল কৰিবলৈ গ্ৰহণ কৰিব লাগিব বিশেষ পৰিকল্পনা ৷ ভাৰতৰ বাবে খাদ্য, পৰিবহণ, শিক্ষা, স্বাস্থ্য, পেট্ৰলিয়াম আৰু আন্তঃগাঠনি উন্নয়নৰ ক্ষেত্ৰত আহিব প্ৰবল প্ৰত্যাহ্বান ৷ বৰ্দ্ধিত জনসংখ্যাই ব্যাপক প্ৰভাৱ পেলাব নগৰ আৰু চহৰ অঞ্চলত ৷ পৰৱৰ্তী তিনিটা দশকত ভাৰতৰ প্ৰায় 68 শতাংশ জনসংখ্যা চহৰাঞ্চলৰ বাসিন্দা হ’ব ৷ দিল্লী হ’ব বিশ্বৰ ভিতৰতে সৰ্বাধিক জনবহুল নগৰ ৷ বৰ্তমান ভাৰতৰ ৰাজধানী চহৰখনৰ জনসংখ্যা প্ৰায় 3 কোটি ৷ অহা 9 বছৰত ইয়াৰ সংখ্যা 9.72 কোটি হ’ব বুলি প্ৰতিবেদনত প্ৰকাশ ৷ এই প্ৰত্যাহ্বান দূৰীকৰণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ইতিমধ্যেই ছেটেলাইট চিটি নিৰ্মাণৰ কথা উল্লেখ কৰিছে ৷
বিগত কিছু বৰ্ষত দেশৰ চহৰ সমূহৰ সাল সলনিৰ ধাৰণাই ব্যাপক পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে ৷ আগন্তুক বৰ্ষসমূহত যুৱ চামৰ বৰ্দ্ধিত সংখ্যা চৰকাৰৰ বাবে হ’ব অন্যতম প্ৰত্যাহ্বান ৷ স্বাস্থ্য খণ্ড, খোৱা পানী, বিদ্যুৎ যোগানৰ ক্ষেত্ৰত কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব চৰকাৰ ৷ স্বচ্ছতাৰ ক্ষেত্ৰতো আহিবলগীয়া দিনত দেশৰ জনসাধাৰণে চেলেঞ্জ হিচাপে গ্ৰহণ কৰিব লাগিব ৷ স্বচ্ছতাহীন পৰিৱেশ বিভিন্ন ৰোগৰ কাৰক ৷ তেনেক্ষেত্ৰত এই বিষয়টোতো যথেষ্ট গুৰুত্ব প্ৰদান কৰিব লাগিব চৰকাৰে ৷
সাম্প্ৰতিক সময়ত বিভিন্ন কাৰণত খাদ্যজাত সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত আমাৰ দেশ পিছ পৰি আছে ৷ এইক্ষেত্ৰতো বৈজ্ঞানিক পদ্ধতিৰে সামগ্ৰীৰ উৎপাদন কেনেদৰে বৃদ্ধি কৰিব পৰা যায় তাৰ চিন্তা চৰ্চা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷ আজিৰ সময়ত উৎপাদিত খাদ্যই বৰ্তমানৰ জনসংখ্য়াৰ বাবে পৰ্যাপ্ত নহয়, তেনেক্ষেত্ৰত আগন্তুক দিনৰ বাবে পৰিকল্পনাৰ প্ৰয়োজন ৷
এই প্ৰত্যাহ্বান সমূহ গ্ৰহন কৰিবলৈ এতিয়াৰে পৰা প্ৰধানত গুৰুত্ব প্ৰদান কৰিব লাগিব দেশৰ প্ৰতিগৰাকী জনতাৰে দক্ষতা বিকাশৰ ক্ষেত্ৰত ৷