ETV Bharat / bharat

অহা ৭ জানুৱাৰীলৈকৈ ইংলেণ্ডৰ পৰা ভাৰতলৈ বিমান পৰিবহণ নিষিদ্ধ

author img

By

Published : Dec 30, 2020, 2:23 PM IST

অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে টুইটযোগে জনাইছে যে, অহা ৭ জানুৱাৰীলৈকৈ ইংলেণ্ডৰ পৰা ভাৰতলৈ যাত্ৰীবাহী বিমান পৰিবহণ অস্থায়ীভাৱে নিষিদ্ধ কৰা হৈছে । পূৰ্বে এক নিষেধাজ্ঞা জাৰি কৰি মন্ত্ৰালয়ে যোৱা ২৩ ডিচেম্বৰৰ পৰা অহা ৩১ ডিচেম্বৰলৈ ভাৰতত ইংলেণ্ডৰ বিমান অৱতৰণ নিষিদ্ধ কৰিছিল ।

অহা ৭ জানুৱাৰীলৈকৈ ইংলেণ্ডৰ পৰা ভাৰতলৈ বিমান পৰিবহণ নিষিদ্ধঃ হৰদীপ সিং পুৰী

নেশ্যনেল ডেস্ক, ৩০ ডিচেম্বৰ: ইংলেণ্ডৰ পৰা ভাৰতলৈ অহা কেইবাগৰাকীও যাত্ৰী COVID-১৯ৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পিছতে দেশখনৰ পৰা ভাৰতলৈ বিমান পৰিবহণৰ অস্থায়ী নিষিদ্ধকৰণৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে । ২০২১ চনৰ ৭ জানুৱাৰীলৈকে ভাৰত-ইলেণ্ডৰ মাজৰ যাত্ৰীবাহী বিমান পৰিবহণ নিষিদ্ধ কৰা হৈছে ।

বুধবাৰে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে টুইটযোগে এই কথা প্ৰকাশ কৰে । ইংলেণ্ডৰ পৰা ভাৰতলৈ অহা যাত্ৰী COVID-১৯ৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বাবে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে যোৱা সপ্তাহত ২৩ ডিচেম্বৰৰ পৰা অহা ৩১ ডিচেম্বৰলৈ ভাৰতত ইউৰোপীয় দেশৰ বিমান অৱতৰণ নিষিদ্ধ কৰিছিল ।

লগতে পঢ়ক:COVID-১৯ঃ ভাৰতত আক্ৰান্তৰ সংখ্যা ১,০২,৪৪,৮৫২ জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.