ETV Bharat / bharat

নেপাললৈ এক মিলিয়ন কৰ'ণা প্ৰতিষেধক প্ৰেৰণ ভাৰতৰ

author img

By

Published : Jan 20, 2021, 7:16 PM IST

২১ জানুৱাৰীত ভাৰতে নেপাললৈ এক মিলিয়ন কৰ'ণা প্ৰতিষেধক প্ৰেৰণ কৰিব । প্ৰতিষেধক মৈত্ৰী কাৰ্যসূচীৰ অধীনত এক মিলিয়ন কৰ'ণা প্ৰতিষেধক প্ৰেৰণ কৰিব ভাৰতে ।

নেপাললৈ এক মিলিয়ন কৰ'ণা প্ৰতিষেধক প্ৰেৰণ ভাৰতৰ
নেপাললৈ এক মিলিয়ন কৰ'ণা প্ৰতিষেধক প্ৰেৰণ ভাৰতৰ

নিউজ ডেস্ক, ২০ জানুৱাৰী: ২১ জানুৱাৰীত ভাৰতে নেপাললৈ প্ৰেৰণ কৰিব এক মিলিয়ন কৰ'ণা প্ৰতিষেধক । নেপালৰ স্বাস্থ্যমন্ত্ৰী হৃদয়েশ ত্ৰিপাঠীয়ে বুধবাৰে জনায় এই কথা । প্ৰতিষেধক মৈত্ৰী কাৰ্যসূচীৰ অধীনত এক মিলিয়ন কৰ'ণা প্ৰতিষেধক ভাৰতে নেপাললৈ প্ৰেৰণ কৰিব বুলি এক সংবাদমেল সম্বোধন কৰি কয় ত্ৰিপাঠীয়ে । এই প্ৰতিষেধকখিনি বৃহস্পতিবাৰে কাঠমাণ্ডুলৈ লৈ যোৱা হ'ব । পোনপ্ৰথমে কৰ'ণাযোদ্ধাসকলে এই প্ৰতিষেধক গ্ৰহণ কৰিব ।

এই সন্দৰ্ভত ত্ৰিপাঠীয়ে কয় যে ভাৰত নেপালৰ বন্ধুত্বপূৰ্ণৰ সহায়তাৰ প্ৰথম অনুদান হিচাপে এই প্ৰতিষেধকেই হ'ব ।

ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰক সহযোগিতাৰ নীতি হিচাপে বৰ্তমানলৈ ভূটান আৰু মালদ্বীপক কৰ'ণা প্ৰতিষেধক উপহাৰ হিচাপে পঠিওৱা হৈছে । বিদেশ মন্ত্ৰণালয়ৰ পূৰ্ব প্ৰকাশিত এক বিবৃতি অনুসৰি ভূটান,মালদ্বীপ, বাংলাদেশ, নেপাল, ম্যানমাৰ আৰু চেচল্চলৈ ২০ জানুৱাৰীৰ পাচত কৰ'ণা প্ৰতিষেধকৰ যোগান ধৰিব ভাৰতে ।

উল্লেখযোগ্য যে, অতিমাৰী কৰ'ণা ভাইৰাছৰ সংকট কালচোৱাতো ভাৰতে হাইড্ৰস্কি ক্লৰকুইন, ৰেমডেছিবিৰ আৰু পেৰাচিতামুল ঔষধৰ উপৰিও ডাইগ্নষ্টিক কিটছ, ভেন্টিলেটৰছ, মাস্ক, গ্লভছ আৰু অন্যান্য চিকিৎসা সম্পৰ্কীয় সামগ্ৰীৰ যোগান ধৰিছিল ।

লগতে পঢ়ক:বাংগালুৰুত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বাৰ্ষিক সন্মিলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.