ETV Bharat / bharat

নেপালৰ সদনত গ্ৰহণ কৰা প্ৰস্তাৱক নিৰৰ্থক প্ৰচেষ্টা আখ্যা ভাৰতৰঃপৰোক্ষ সকিয়নী

1816 চনতেই আৰম্ভ হৈছিল কালাপানী অঞ্চলত ভাৰত-নেপালৰ সীমা বিবাদ ৷ দুয়ো দেশৰ মাজৰ সীমা বিষয়ক শান্তিপূৰ্ণ আলোচনাৰ চুক্তি উলংঘনৰ অভিযোগ ভাৰতৰ ৷

Land in Kalapani, Lipulekh belongs to India's border villages: Official
নেপালে প্ৰকাশ কৰিলে নতুন ৰাজনৈতিক মানচিত্ৰ
author img

By

Published : Jun 14, 2020, 6:27 PM IST

নিউজ ডেস্ক , 14 জুনঃ বিগত কিছুদিন ধৰি উত্তৰাখণ্ডস্থিত কালাপানী আৰু লিপুলেখে দখল কৰি আহিছে সংবাদ মাধ্যমৰ শিৰোনাম ৷ এই দুখন ঠাইক কেন্দ্ৰ কৰি ভাৰত আৰু নেপালৰ মাজত সৃষ্টি হোৱা বিৰ্তক বৰ্তমান হৈ পৰিছে এক আন্তঃৰাষ্ট্ৰীয় বিষয় ৷ নেপালৰ নিম্ন সদনে চৰকাৰে উত্থাপন কৰা প্ৰস্তাৱত সন্মতি দিয়াৰ পাছতেই এই দুয়োটা অঞ্চলকেই অন্তৰ্ভুক্ত কৰিছে দেশখনৰ নতুন ৰাজনৈতিক মানচিত্ৰত ৷ কিন্তু দুয়োখনৰ দেশৰেই চৰকাৰী তথ্যই এই বিশেষ ঠাই দুখনৰ আন এক ইতিহাস বৰ্ণনা কৰে ৷ দুয়োটা অঞ্চলৰে স্থানীয় ভূমি জৰীপৰ তথ্যৰ মতে , কালাপানী আৰু লিপুলেখ দুয়োখনেই ভাৰতবৰ্ষৰ সীমাৰ ভিতৰত অৱস্থিত ৷ শেহতীয়া এক চৰকাৰী তথ্য মতে , কালাপানী , লিপুলেখ আৰু নাভিধাং নামৰ তিনিওখন ঠায়েই পিঠোৰাগাঢ় জিলাৰ ধাৰচুলা উপসংমণ্ডলৰ অন্তৰ্গত গাৰ্বিয়াং আৰু গুঞ্জী গাঁৱৰ পৰিসীমাত অন্তৰ্ভুক্ত ৷ ধাৰচুলা উপসংমণ্ডলৰ দণ্ডাধীশ এ কে শুক্লাই কয় যে, 190 একৰ এলেকাৰ কালাপানী আৰু নাভিধাং গাৰ্বিয়াং জিলাৰ অন্তৰ্গত আৰু লিপুলেখ অঞ্চল গুঞ্জী গাঁৱৰ অন্তৰ্গত ৷ উল্লেখযোগ্য যে , প্ৰত্যেক বছৰেই দৰ্শনাৰ্থী সকলে লিপুলেখ পাছৰ মাজেৰেই কৈলাশ-মানসৰোবৰ দৰ্শনৰ বাবে যাত্ৰা কৰে ৷

Land in Kalapani, Lipulekh belongs to India's border villages: Official
নেপালে প্ৰকাশ কৰিলে নতুন ৰাজনৈতিক মানচিত্ৰ

গাৰ্বিয়াং জিলাৰ বাসিন্দ সকলে মন্তব্য কৰে যে , তেওঁলোকৰ পূৰ্ব পুৰুষ সকলে কালাপানীত কৃষিকাৰ্য কৰিছিল ৷ এই কৃষিকাৰ্য তথা লিপুলেখ পাছেৰে ভাৰত-চীনৰ ব্যৱসায়িক আদান প্ৰদানৰ কাম-কাজ ভাৰত-চীন যুদ্ধৰ পাছতেই সমাপ্ত হয় ৷ ধাৰচুলা উপসংমণ্ডলৰ ৰং কল্যাণ সংস্থা নামৰ জনজাতীয় সংস্থাটোৰ সভাপতি কৃষ্ণ গাৰ্বিয়ালে কয় যে , যুদ্ধৰ পূৰ্বে তেওঁলোকে সেই অঞ্চলত কৃষি-কাৰ্য কৰিছিল ৷ তেখেতে লগতে মন্তব্য কৰে যে , কালায়াপানীৰ মাউণ্ট আপী অঞ্চললৈ গাৰ্বিয়ান গাঁৱৰ অন্তৰ্গত আছিল যদিও নেপাল আৰু বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত 1816 চনৰ চুক্তিৰ পাছৰে পৰা তেওঁলোকে সেই স্থান পৰিত্যাগ কৰে ৷ সেই সময়তে নেপাল আৰু ভাৰতৰ মাজত কালি নদীক সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছিল ৷ ইয়াৰ পাছৰে পৰাই গাৰ্বিয়ান জিলাৰ বাসিন্দা সকলে নেপালৰ অন্তৰ্গত অঞ্চল সমূহত কৃষিকাৰ্য কৰা সম্পূৰ্ণৰূপে এৰি দিছিল ৷ লোকসকলে তথা দুয়োখন দেশৰ চৰকাৰে কালাপানীক কালি নদীৰ পানীৰ উৎস হিচাপে চিনাক্ত কৰিছিল ৷ স্থানীয় লোক সকলেও কালাপানীৰ পানীক পবিত্ৰ হিচাপে গণ্য কৰিছিল ৷

মন কৰিব লগীয়া যে, বিৰোধীবিহীনভাৱে সংসদত সংবিধান সংশোধন কৰি দেশৰ সীমাৰেখা নতুনকৈ নিৰ্ধাৰণ কৰা সম্পৰ্কীয় প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছতেই ভাৰত চৰকাৰে ইয়াক এক নিৰৰ্থক প্ৰচেষ্টা বুলি মন্তব্য কৰিছে ৷ ভাৰতৰ চৰকাৰী সূত্ৰই মন্তব্য কৰে যে , চুবুৰীয়া দেশখনৰ এই কাৰ্য এক নিৰৰ্থক প্ৰচেষ্টাই নহয় , এই পদক্ষেপৰ দ্বাৰা নেপালে দুয়োখন দেশৰ মাজৰ সীমা বিষয়ক শান্তিপূৰ্ণ আলোচনাৰ চুক্তিও উলংঘন কৰিছে ৷

লগতে পঢ়কঃগৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বৰঘূলিবাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.