ETV Bharat / bharat

বিগত 24 ঘন্টাত ভাৰতত 18,139 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত - পশ্চিম বংগ

ভাৰতবৰ্ষত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড ৰোগীৰ সংখ্যা ৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ তৰফৰ পৰা জনোৱা অনুসৰি, সৰ্বমুঠ ভাৰতবৰ্ষত মুঠ কৰ'ণা ৰোগীৰ সংখ্যা 1,04,13,417 গৰাকী আৰু মৃত্যুৰ সংখ্যা 1,50,570 গৰাকী ৷

India records 18K fresh Covid cases, 234 deaths
বিগত 24 ঘন্টাত ভাৰতত 18,139 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত
author img

By

Published : Jan 8, 2021, 6:59 PM IST

নিউজ ডেস্ক, 8 জানুৱাৰী : বিগত 24 ঘন্টাত ভাৰতবৰ্ষত 18,139 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ লগতে, 24 ঘন্টাত মৃত্যু হৈছে 234 গৰাকী কৰ'ণা ৰোগী ৷ একেদৰে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ তৰফৰ পৰা জনোৱা অনুসৰি, সৰ্বমুঠ ভাৰতবৰ্ষত মুঠ কৰ'ণা ৰোগীৰ সংখ্যা 1,04,13,417 গৰাকী আৰু মৃত্যুৰ সংখ্যা 1,50,570 গৰাকী ৷

ভাৰতবৰ্ষত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড ৰোগীৰ সংখ্যা ৷ সৰ্বমুঠ ভাৰতত 1,00,37,398 গৰাকী ৰোগী বৰ্তমানলৈ সুস্থ হৈ উঠিছে ৷ একেদৰে, ভাৰতবৰ্ষত সক্ৰিয় হৈ থকা ৰোগীৰ সংখ্যা 2,25,449 গৰাকী ৷ ইফালে, ভাৰতবৰ্ষত সৰ্বমুঠ আৰোগ্য ৰোগীৰ সংখ্যাৰ হাৰ 96.36 শতাংশ আৰু মৃত্যুৰ হাৰ 1.45 শতাংশ ৷

আনহাতে, ভাৰতীয় অনুসন্ধান চিকিৎসা পৰিষদৰ তথ্য অনুসৰি, বৰ্তমানলৈ ভাৰতবৰ্ষত 17,93,36,364 গৰাকী লোকৰ নমুমা সংগ্ৰহ কৰা হৈছে ৷ একেদৰে, বৃহস্পতিবাৰে ভাৰতত 9,35,369 গৰাকী লোকৰ নমুনা সংগ্ৰহ কৰা হৈছে ৷ উল্লেখ্য যে, দেশৰ ভিতৰত মহাৰাষ্ট্ৰ হৈ আটাইতকৈ সৰ্বাধিক কৰ'ণা আক্ৰান্ত ৰাজ্য ৷

লগতে পঢ়ক : ভাৰতীয় গণতন্ত্ৰ শক্তিশালী হোৱাৰ আঁৰত গ্ৰাম্য পঞ্চায়তঃ ওম বিৰলা

ইফালে, ভাৰতবৰ্ষৰ 10 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহত প্ৰতিদিনে প্ৰায় 79 শতাংশ লোক নতুনকৈ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ সেই কেইখন ৰাজ্য হৈছে, কেৰালা, মহাৰাষ্ট্ৰ, পশ্চিম বংগ, তামিলনাডু, কৰ্ণাটক, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, গুজৰাট, ছত্তিছগড় আৰু ৰাজস্থান ৷

যাৰবাবে বুধবাৰে চৰকাৰে ৰাজ্যৰ শীৰ্ষ বিষয়া সকলৰ সৈতে ক'ভিড সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন হয় ৷ লগতে, শেহতীয়াকৈ DCGI য়ে অনুমোদন জনোৱা দুটা ক'ভিড ভেকচিন সন্দৰ্ভত আলোচনা কৰি প্ৰথম পৰ্যায়ত অতিকমেও 30 কোটি লোকক ভেকচিন প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে ৷

উল্লেখ্য যে, ইয়াৰ ভিতৰত প্ৰথম পৰ্যায়ত 1 কোটি স্বাস্থ্যকৰ্মী, 2 কোটি ক'ভিডযোদ্ধা আৰু 50 বছৰ উৰ্ধৰ 26 কোটি লোকক ভেকচিন প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৷

লগতে পঢ়ক : 21’ত অসমত কংগ্ৰেছে গঠন কৰিব চৰকাৰ : জীতেন্দ্ৰ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.