ETV Bharat / bharat

মাস্ক, দৰৱ যোগান ধৰিছে ভাৰতীয় ডাক সেৱাৰ ম'বাইল এপে

author img

By

Published : Apr 29, 2020, 7:09 PM IST

গ্ৰাহকলৈ মাস্ক, দৰৱ যোগান ধৰিছে ইণ্ডিয়া পোষ্টৰ ম'বাইল এপে ৷ 'গুগল প্লে ষ্টৰ'ৰ দ্বাৰা Android ব্যৱহাৰকাৰীয়ে এই এপ ডাউনলোড কৰিব পাৰিব ৷

ইণ্ডিয়া পোষ্ট
মাস্ক, দৰৱ যোগান ধৰিছে ভাৰতীয় ডাক সেৱাৰ মোবাইল এপে

নেশ্যনেল ডেস্ক, 29 এপ্ৰিল : COVID-19 ৰ ফলত ঘোষণা কৰা লকডাউনৰ বাবে ভাৰতীয় ডাক সেৱাই কেৱল চিঠি প্ৰেৰণ কৰাই নহয়, অত্যাৱশ্যকীয় মাস্ক আৰু দৰৱ-পাতিও যোগান ধৰিছে ৷ ডাক বিভাগৰ ম'বাইল এপ 'Post Info' য়ে লকডাউনৰ এই সময়ছোৱাত সকলোৰে ঘৰৰ দুৱাৰদলিত যোগান ধৰিছে মাস্ক আৰু দৰৱ-পাতি ৷

ডাকঘৰ বিভাগৰ এজন বিষয়াই জানিবলৈ দিয়া অনুসৰি, লকডাউনৰ ফলত আমাৰ সেৱাত কোনো বাধা অহা নাই ৷ এই গুৰুতৰ অৱস্থাতো আমাৰ কৰ্মচাৰীয়ে নিজৰ দায়িত্ব পালন কৰি আছে ৷ নিয়মীয়া সেৱাৰ উপৰিও আমি বিভিন্ন লোকৰ অনুৰোধত মাস্ক আৰু দৰৱ-পাতি যোগান ধৰিছো ৷

গ্ৰাহকে ই-মেইল, পোষ্ট বেংক, চেভিংছ বেংক, বীমা, বিত্তীয় সেৱাৰ দ্বাৰা সকলো সা-সুবিধা উপভোগ কৰিব পাৰিব ৷

বিভাগৰ পৰা প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, অৰ্ডাৰ সফলভাৱে সম্পূৰ্ণ কৰাৰ পাচত অনুৰোধৰ স্থিতি ট্ৰেক কৰিবৰ বাবে এটা বিশেষ নম্বৰ প্ৰদান কৰা হ'ব ৷ 'গুগল প্লে ষ্টৰ'ৰ দ্বাৰা Android ব্যৱহাৰকাৰীয়ে এই এপ ডাউনলোড কৰিব পাৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.