ETV Bharat / bharat

17 আগষ্টত ভাৰত-নেপালৰ মাজত উচ্চস্তৰীয় বৈঠক

author img

By

Published : Aug 12, 2020, 3:44 AM IST

সীমাক লৈ সমস্যা অব্যাহত থকাৰ মাজতেই নতুন দিল্লী আৰু কাঠমাণ্ডুৱে নেপাল-ভাৰতৰ মাজত অষ্টমখন বৈঠক অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৷

17 আগষ্টত ভাৰত-নেপালৰ মাজত উচ্চস্তৰীয় বৈঠক
17 আগষ্টত ভাৰত-নেপালৰ মাজত উচ্চস্তৰীয় বৈঠক

নিউজ ডেস্ক, 12 আগষ্ট : ভাৰত-নেপালে দুয়োখন দেশৰ মাজত উচ্চস্তৰীয় দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৷ নেপালৰ The Kathmandu Postত প্ৰকাশ পাইছে এই বাতৰি ৷ অহা 17 আগষ্টত দুয়োখন দেশৰ মাজত অনুষ্ঠিত হ'ব অষ্টমখন দ্বিপাক্ষিক বৈঠক ৷ দুয়োখন দেশৰ মাজত চলি থকা সীমান্তৰ সমস্যাৰ মাজতেই এইদৰে দ্বিপাক্ষিক আলোচনাৰ অষ্টমখন বৈঠকত মিলিত হ'ব দুয়োখন দেশৰ শীৰ্ষ পৰ্যায়ৰ আমোলা ৷ লিপুলেখ,কালাপানী আৰু লিম্পিয়াধুৰাক লৈ উদ্ভৱ হোৱা সীমান্ত সমস্যাই দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সমস্যাৰ ৰূপ ধাৰণ কৰে ৷ ইয়াৰ মাজতেই নেপালৰ প্ৰধানমন্ত্ৰীয়ে শ্ৰীৰাম নেপালৰ বুলিও উদ্ভট মন্তব্য কৰে ৷

ইয়াৰ মাজতেই নেপালৰ সৈতে ভাৰতে বাৰ্তালাপৰ দ্বাৰা এই সমস্যা সমাধান কৰাৰ বাবে মন মেলে ৷ নেপালৰ সৈতে ভাৰতৰ সম্পৰ্ক দীৰ্ঘদিনীয়া আৰু শেহতীয়াকৈ নেপালৰ অন্তৱৰ্তী ৰাজনীতিৰ বাবেই দুয়োখন দেশৰ মাজত এইদৰে সমস্যাৰ উদ্ভৱ হয় ৷ আনহাতে এইক্ষেত্ৰত বহুখিনি ভূমিকা পালন কৰি আহিছে চীনে ৷ চীনে নেপাল আৰু ভাৰতৰ সম্পৰ্কক লৈ সহজ নহয় আৰু ইয়াৰ বাবেই দুয়োখন দেশৰ মাজত সমস্যাৰ সৃষ্টি কৰিবলৈ সুযোগৰ সন্ধানত থাকে চীন ৷ এনে সময়তে নেপালে ইয়াৰ নক্সাত ভাৰতৰ ভূমিক সংযোজন কৰা বিষয়টোক পূৰ্ণৰূপে লাভ উঠাই চীনে দুয়োখন দেশৰ মাজৰ সম্পৰ্কত যতি দিবলৈ চেষ্টা কৰে ৷ অৱশ্যে ভাৰত চৰকাৰৰ নেতৃত্বত এনে সমস্যাৰ সমাধানৰ বাবে গতিশীলভাৱে আলোচনা কৰি থকা হৈছে ৷ শেহতীয়াকৈ ভাৰতীয় স্থলসেনাই নেপালৰ সেনাক কোভিড-19ৰ বিৰুদ্ধে যুঁজিবলৈ 9টাকৈ ভেন্টিলেটৰো প্ৰদান কৰিছে ৷

লগতে পঢ়কঃ মণিপুৰ : আস্থা ভোটত ৰক্ষা পৰিল বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.