নিউজ ডেস্ক, ১৫ এপ্ৰিলঃ ভাৰতত মহামাৰী কৰ'ণা ভাইৰাছৰ নিয়ন্ত্ৰণ কৰাৰ মূল লক্ষ্য হ'ব কৰ'ণা ভাইৰাছৰ বাবে চিহ্নিত কৰা হট স্পট ঠাই সমূহ চিনাক্ত কৰা আৰু সেই ঠাইসমূহ চেনিটাইজ কৰা ।
বুধবাৰে ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত এইদৰে মন্তব্য কৰে Indian Council of Medical Researchৰ প্ৰাক্তন ডাইৰেক্টৰ জেনেৰেল ড০ নিৰ্মল কুমাৰ গাংগুলীয়ে । লগতে কয় যে,কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ তথা নজৰ ৰাখিবলৈ এটা কেন্দ্ৰীয় চৰকাৰ দ্বাৰা স্থাপিত মূল কেন্দ্ৰ থকা দৰকাৰ । যিটোৱে কৰ'ণা ভাইৰাছত আক্ৰান্ত তথা সন্দেহ হোৱা ব্যক্তিসকলৰ পৰীক্ষাৰ কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়াই ।
পদ্ম ভূষণ সন্মানেৰে সন্মানিত গাংগুলীয়ে কয় যে,কৰ'ণা ভাইৰাছৰ ভয়াৱহতা প্ৰতিৰোধ কৰিবলৈ,বৃদ্ধাশ্ৰম,অনাথ আশ্ৰম আৰু বস্তী অঞ্চলত সজাগতাৰ লগতে কৰ'ণা ভাইৰাছৰ পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।
আনহাতে,প্লাজমা চিকিৎসা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত গাংগুলীয়ে কয় যে, এইটো কেৱল গম্ভীৰ পৰিস্থিতিত হে আৱশ্যক । ভাৰতে এই মহামাৰী ৰোধ কৰিবলৈ হ'লে,দৃষ্টিভংগী,দৃঢ়তা আৰু বৈজ্ঞানিক সজুঁলিৰ বৃহৎ পৰিমাণে মজুত ৰখাটো দৰকাৰ ।