ETV Bharat / bharat

বিদেশী তবলিগি জামাতীক অনলাইন কনচুলাৰ এক্সেছ দিয়াৰ সম্ভাৱনা ভাৰতৰ

author img

By

Published : May 15, 2020, 9:26 AM IST

বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা জনোৱা হয় যে, অনলাইন প্লেটফৰ্মৰ মাধ্যমেৰে বিদেশী তবলিগিসকলক কনচুলাৰ এক্সেছ (consular access) প্ৰদানৰ বিষয়ে চিন্তা-চৰ্চা কৰি আছে ভাৰত চৰকাৰে ।

India may grant online consular access to foreign Tablighi Jamaat activists

নিউজ ডেস্ক, ১৫ মে': ভাৰতলৈ আহিছে অন্য দেশৰ পৰা এক বিশেষ অনুৰোধ । বিভিন্ন দেশৰ তবলিগি জামাত কৰ্মী সকলক অনলাইন কনচুলাৰ এক্সেছ (consular access) প্ৰদান কৰাৰ বাবে ভাৰতলৈ আহিছে বহু অনুৰোধ । বৃহস্পতিবাৰে এক চৰকাৰী সূত্ৰৰ পৰা জানিবলৈ দিয়ে এই কথা । উল্লেখ্য যে, বিভিন্ন দেশৰ পৰা ভাৰতৰ ৰাজধানী চহৰ দিল্লীত ভিছাৰ সকলো নিয়ম ভংগ কৰি তবলিগি জামাতত অংশ গ্ৰহণৰ বাবে আছিল বহু বিদেশী নাগৰিক ।

বৰ্তমান বিদেশী তবলিগি জামাতৰ সদস্য সকলক অনলাইন কনচুলাৰ এক্সেছ প্ৰদান কৰা হ'ব নে নাই এই বিষয়ে ভাৰত চৰকাৰৰ ফালৰ পৰা চিন্তা-চৰ্চা চলাই থকা হৈছে । পূৰ্বতে ভিছা বিধি উলংঘনকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰো কথা উল্লেখ কৰা হৈছিল চৰকাৰৰ তৰফৰ পৰা ।

বিদেশ মন্ত্ৰণালয়ৰ পৰা প্ৰথমেই ভাৰতৰ মিচন সন্দৰ্ভত সেই সমূহ দেশক অৱগত কৰা হৈছে যৰ পৰা দিল্লীলৈ আহিছিল বহু বিদেশী লোক । আনহাতে মালয়েছিয়াৰ পৰা পলাতক জাকিৰ নায়কৰ প্ৰত্যাৱৰ্তন সন্দৰ্ভত প্ৰশ্ন কৰাত এই সন্দৰ্ভত কুৱালালামপুৰৰ সৈতে ভাৰতে এই বিষয়ে একেলগে আগবঢ়াৰ কথা উল্লেখ কৰা হৈছিল । ২০১৬ চনত ভাৰত ত্যাগ কৰি পলায়ন কৰিছিল জাকিৰ নায়কে । বিগত বৰ্ষৰ জানুৱাৰীত নায়কৰ প্ৰত্য়াৱৰ্তনৰ বাবে মালয়েছিয়াক অনানুষ্ঠানিক ভাৱে এক অনুৰোধ কৰিছিল ভাৰতে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.