ETV Bharat / bharat

মালাবাৰত নৌ সেনাৰ অনুশীলনত যোগ দিবলৈ ভাৰতে অষ্ট্ৰেলিয়াক আমন্ত্ৰণ জনোৱাৰ সম্ভাৱনা - ত্ৰিপাক্ষিক মালাবাৰ নৌসেনাৰ অনুশীলন

এই বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া ত্ৰিপাক্ষিক মালাবাৰ নৌসেনাৰ অনুশীলনত ভাৰতে অষ্ট্ৰেলিয়াক আমন্ত্ৰণ জনোৱাৰ সম্ভাৱনা আছে বুলি জনাইছে ছ’চাইটি ফৰ পলিচি ষ্টাডিজৰ সঞ্চালক চি উদয় ভাস্কৰে ৷ এই সন্দৰ্ভত তেওঁৰ এক বিশেষ লেখাঃ

India likely to invite Australia to join Malabar naval exercises
মালাবাৰত নৌসেনাৰ অনুশীলনত যোগ দিবলৈ ভাৰতে অষ্ট্ৰেলিয়াক আমন্ত্ৰণ জনোৱাৰ সম্ভাৱনা
author img

By

Published : Jul 21, 2020, 12:45 PM IST

Updated : Jul 21, 2020, 1:34 PM IST

নিউজ ডেস্ক, 21 জুলাইঃ লাডাখৰ লাইন অৱ্ এস্কুৱেল কন্ট্ৰলত চীন-ভাৰতৰ মাজত সংঘাতৰ পাছত ডিছএনদেইজমেণ্ট প্ৰক্ৰিয়া অব্যাহত থকাৰ সময়তে এই বৰ্ষৰ শেষৰ পিনে অনুষ্ঠিত হ’বলগীয়া ত্ৰিপাক্ষিক মালাবাৰ নৌসেনাৰ অনুশীলনত ভাৰতে অষ্ট্ৰেলিয়াক আমন্ত্ৰণ জনোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে । সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি মতে ১৯ জুলাইত অনুষ্ঠিত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক বৈঠকত এই বিষয়টো পৰ্যালোচনা কৰা হয় । ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাপানৰ লগতে অষ্ট্ৰেলিয়াই মালাবাৰৰ এই অনুশীলন যোগদান কৰাকলৈ আনুষ্ঠানিক সিদ্ধান্ত শীঘ্ৰে লোৱাৰ সম্ভাৱনা আছে । গতিকে Quad -ক বৰ্তমানতকৈ অধিক কাৰ্যক্ষম কৰাৰ বাবে প্ৰচেষ্টা লোৱা বুলি ইয়াৰ পৰা অনুধাৱন কৰিব পাৰি ।

এই চাৰিখন ৰাষ্ট্ৰই একত্ৰিতভাৱে জলপৃষ্ঠত অনুশীলন চলোৱাটো প্ৰতীকাত্মকভাৱে অতিশয় গুৰুত্বপূৰ্ণ । কিন্তু এল এ চিত অব্যাহত থকা ঘটনাৱলীৰ ওপৰত এই চাৰি দেশৰ অনুশীলনৰ প্ৰভাৱ অধিক পৰিব বুলি ব্যাখ্যা কৰিলে ভুল কৰা হ’ব । বৰ্তমানৰ পৰিস্থিতিত এল এ চিত অব্যাহত থকা পৰিস্থিতি চীন আৰু ভাৰতৰ দ্বিপাক্ষিক বিষয় হৈ থাকিব আৰু এয়া দীৰ্ঘকালৰ বাবে চলিব । ক্ষমতাৰ ফালৰ পৰা সেয়া সমূহীয়া সংকল্পই হওক বা অৰ্থনৈতিক দিশ আৰু তথ্য-প্ৰযুক্তি বা সামৰিক শক্তিৰ ক্ষেত্ৰতে হওক, ভাৰত আৰু চীনৰ মাজত তুলনা কৰিলে এটা দিশৰ বাদে বেইজিং আগত থাকিব । সেয়া হৈছে—জলপৃষ্ঠ। ভাৰতৰ ভৌগলিক অৱস্থান আৰু বিগত পাঁচটা দশকে ইয়াৰ প্ৰমাণিত নৌশক্তিয়ে নতুন দিল্লীক আত্মবিশ্বাস দিছে । কিন্তু এই বিশ্বাস কিছু সময়ৰ বাবেহে ।

কিয়নো বেইজিঙে এই ক্ষেত্ৰত থকা ব্যৱধানো ক্ৰমশঃ কমাই আনিছে । বিগত কিছু বছৰত চীনে নিজে নৌশক্তিৰ ক্ষেত্ৰত উদ্বিগ্নতা ব্যক্ত কৰি আহিছে । তাৰ উদাহৰণ মালাক্কা ডাইলেমা । চীনে বিশ্বৰ মহাসাগৰসমূহৰ ওপৰত আমেৰিকাৰ আধিপত্যত চিন্তা ব্যক্ত কৰাৰ লগতে নৌশক্তিৰ ব্যৱধান দূৰ কৰাৰ বাবে সুদৃঢ় সংকল্প গ্ৰহণ কৰে । বিগত পঁচিশ বছৰত পি এল এৰ নৌসেনাৰ উত্থান অসাধাৰণ । প্ৰখ্যাত এডমিৰেল গোৰ্চকভৰ নেতৃত্বত শীতল যুদ্ধৰ সময়ছোৱাত ছোভিয়েট নৌসেনাৰ যেনেদৰে উত্থান ঘটিছিল তাৰ লগত চীনৰ নৌসেনাৰ শক্তি বৃদ্ধিক তুলনা কৰিব পাৰি । বিশ্ব সমাজৰ প্ৰতি বৰ্তমান চীনে দুটা প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । প্ৰথমটো হৈছে কোভিড-১৯ অতিমাৰী আৰু কি হাৰত বেইজিঙে এক গঠনমূলক ভূমিকা পালনৰ বাবে আগ্ৰহী । দ্বিতীয়টো হৈছে যিদৰে জিনপিঙৰ শাসনকালত স্থল সীমা বা ভূখণ্ড (টাইৱান) বানৌসীমাৰ ক্ষেত্ৰত চীনে দাবী কৰি আন দেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে । ইয়াৰ লগতে বি আৰ আই অৰ্থাৎ ব’ৰ্ডাৰ ৰোড ইনিচিয়েটিভো আছে । ২০৪৯ চনৰ ভিতৰত বিশ্বৰ ভিতৰতে একনম্বৰ দেশ হোৱাৰ উদ্দেশ্যে চীনে যি আগ্ৰাসী প্ৰক্ৰিয়া গ্ৰহণ কৰিছে তাৰ ফলত বিভিন্ন দেশৰ ৰাজধানীত চিন্তা বাঢ়িছে । ২০৪৯ চনত কমিউনিষ্ট দেশ হিচাপে চীনৰ শতবৰ্ষ পালন কৰা হ’ব ।

জলমণ্ডল বিশেষকৈ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলে চীনক দীৰ্ঘদিনৰ বাবে নিয়ন্ত্ৰণত ৰখাৰ বাবে কিছু সম্ভাৱনাৰ বাট মুকলি কৰে। যাৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, অষ্ট্ৰেলিয়া আৰু ভাৰতৰ গোটবন্ধন বা QUAD ৰ তাৎপৰ্য যথেষ্ট আছে । ইয়াতে উল্লেখ কৰিব লাগিব যে চীনৰ সৈতে বিভিন্ন সংঘাত তথা বৰ্তমানৰ বিশ্বৰ প্ৰেক্ষাপটত চীনৰ বাণিজ্যিক, প্ৰযুক্তিগত আৰু আম্তঃগাঁথনিৰ ক্ষেত্ৰত শক্তি থকা সত্বেও এই গোটবন্ধন আগবাঢ়ি আছে । আনকি কোৱাডৰ এই দেশসমূহৰ ক্ষেত্ৰতো তেওঁলোকৰ চীনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কে পৰস্পৰ বিৰোধী । এই সম্পৰ্কবোৰ বিভিন্ন দিশৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু এখন ৰাষ্ট্ৰকেন্দ্ৰিক নহয় । অৰ্থাৎ বিশ্বৰ বজাৰ অৰ্থনীতি আৰু প্ৰযুক্তিগত পৰস্পৰ নিৰ্ভৰশীলতাই ইয়াৰ মূল কাৰণ ।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজত সংঘাত উচ্চপৰ্যায়ৰ কৌশলগত ক্ষেত্ৰত থকাৰ বিপৰীতে জাপান, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ সৈতে চীনৰ সম্পৰ্ক পৃথক । এই আটাইকেইখন দেশৰে চীনৰ সৈতে বাণিজ্যিক আৰু প্ৰযুক্তিগত সম্পৰ্ক আছে যাক সহজতে ছিন্ন কৰিব নোৱাৰি ।চীনৰ ক্ষেত্ৰতো একেই কথা প্ৰযোজ্য । দেশখনে সহজে কোৱাডৰ সদস্য ৰাষ্ট্ৰসমূহ বা আন সমভাবাপন্ন দেশৰ সৈতে সম্পৰ্ক ছেদ কৰিব নোৱাৰে বা চিৰদিনীয় বন্ধু পাকিস্তান, উত্তৰ কোৰিয়া ইৰানৰ লগতে সম্পৰ্কক সীমাবদ্ধ কৰি ৰাখিব নোৱাৰে । আনকি চীনৰ প্ৰতি সদয় ৰাছিয়াৰ অৰ্থনীতি তলত থাকিলেও চীনকেন্দ্ৰিক অৰ্থনীতিৰ এখন পৃথিৱীত চীনৰ কনিষ্ঠ অংশীদাৰ বা বহতীয়া হৈ থাকিব নিবিচাৰিব । যেতিয়াই কোভিডৰ পাছত বিশ্বত এক সুস্থিৰ পৰিৱেশ আহে আৰু বিশ্বৰ অৰ্থনীতিৰ পুনৰুদ্ধাৰ দেখা পোৱা যায় এক সুসংহত উদ্দেশ্যাৱলীৰে কোৱাডৰ সুস্পষ্ট পৰিকল্পনা গঢ় দিব লাগিব ।সকলো ক্ষেত্ৰতে সক্ষম নৌশক্তি গঢ়ি তোলাটো অতি খৰচী কাম আৰু প্ৰতিখন দেশে এই সামূহিক নৌশক্তিকেন্দ্ৰিক প্ৰচেষ্টাত বিনিয়োগ কৰিব বিচাৰে সেই সম্পৰ্কে বিশ্লেষণ কৰিব লাগিব । নৌসেনাৰ ক্ষেত্ৰখনত কোৱাডৰ দেশসমূহৰ সহযোগিতাৰ বহু সম্ভাৱনা আছে । ইণ্ডোনেছিয়া আৰু আছিয়ানৰ আন আন দেশসমূহো এই প্ৰচেষ্টাৰ অংশীদাৰ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে ।আন্তঃৰাষ্ট্ৰীয় আইন আৰু নিয়ম অনুসৰি ই সমূহীয়া প্ৰচেষ্টা পৰিচালনা কৰাটো এক ঘোষিত উদ্দেশ্য । এই বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নানা আন্তঃৰাষ্ট্ৰীয় সভাত উল্লেখ কৰি আহিছে । আমোদজনক কথাটো হ’ল আমেৰিকা ৰাষ্ট্ৰসংঘৰ সাগৰীয় আইনচমুকৈ ইউ এন চি এল অ’ এচৰ স্বাক্ষৰকাৰী নহ’লেও চুক্তিখন মানি আহিছে । ইয়াৰ বিপৰীতে চীন ইউ এন চি এল অ’ এচৰ স্বাক্ষৰকাৰী হ’লেও দক্ষিণ চীন সাগৰ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে এই চুক্তিখনৰ ওপৰত ভিত্তি কৰি দিয়া ৰায়ক মানি ল’বলৈ অস্বীকাৰ কৰিছে । চীনক এয়া মানি ল’বলৈ বাধ্য কৰোৱাটো কঠিন কাম আৰু ইয়াৰ বাবে প্ৰচুৰ কূটনৈতিক নীতি আৰু সাগৰীয় শক্তিৰ প্ৰয়োজন হ’ব । এয়া হ’ব কোৱাডৰ দেশসমূহৰ প্ৰতি মূল প্ৰত্যাহ্বান যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোৱাৰ দৰে সাগৰ অৰ্থাৎ জলপৃষ্ঠত সকলোৰে বাবে নিৰাপত্তা আৰু উন্নয়নৰ সংকল্পত তেওঁলোকে একমত হৈছে ।

লগতে পঢ়কঃকাছিম ছুলেমানীৰ বিৰুদ্ধে গুপ্তচৰগিৰি কৰা দোষীক মৃত্যুদণ্ড ইৰাণত

Last Updated : Jul 21, 2020, 1:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.