নিউজ ডেস্ক, ১৭ এপ্ৰিলঃ পাকিস্তানক তীব্ৰ গৰিহণা ভাৰভীয় সেনা বাহিনীৰ মুখ্য সেনাধ্যক্ষ এমএম নৰভানেৰ । শুকুৰবাৰে পাকিস্তানে সন্ত্ৰাসবাদ ৰপ্তানি কৰা বুলি নিন্দা কৰে মুখ্য সেনাধ্যক্ষ গৰাকীয়ে । সমগ্ৰ বিশ্বই মহামাৰী বিৰুদ্ধে যুঁজ দি থকা সময়ত পাকিস্তানে ভাৰতৰ ওপৰত কৰা আক্ৰমণক গৰিহণা জনাই সেনাধ্যক্ষ গৰাকীয়ে ।
মুখ্য সেনাধ্যক্ষ গৰাকীয়ে সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰে যে, "যেতিয়া আমি কেৱল দেশবাসীকে নহয়,সমগ্ৰ বিশ্বত চিকিৎসকৰ দল প্ৰেৰণ কৰি ঔষধ বিতৰণ কৰি গৈছো,তেনে সময়ত পাকিস্তানে কেৱল সন্ত্ৰাসবাদ ৰপ্তানি কৰিছে ।" লগতে কয়, এইটো বহুতো দুৰ্ভাগ্যপূৰ্ণ যে, ভাৰতকে ধৰি সমগ্ৰ বিশ্বই যেতিয়া মহামাৰীৰ বিৰুদ্ধে যুঁজ দি আছে তেনে সময়ছোৱাত আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ বাবে আমি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে ।"
উল্লেখ্য যে, পাকিস্তানে যুদ্ধ বিৰতি উলংঘা তথা ভাৰতত পাকিস্তানী সন্ত্ৰাসবাদী প্ৰৱেশৰ পাচতে ভাৰতীয় সেনাই বিগত ১ এপ্ৰিলত কেৰন ছেক্টৰত প্ৰৱেশ কৰা পাঁচটা সন্ত্ৰাসবাদী নিহত কৰে ।
লগতে চাওকঃ সোণাপুৰত আটক পত্নীক হত্যাৰ অপৰাধত অভিযুক্ত পলাতক আচামী