নেশ্বনেল ডেস্ক, 16 জানুৱাৰীঃ বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইৰানৰ বৈদেশিক মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হয় ৷ মোডীয়ে ইৰানৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ আগত সমগ্ৰ অঞ্চলটোত শান্তি, সুৰক্ষা আৰু স্থিৰতাৰ বাবে ভাৰতৰ দৃঢ় আগ্ৰহ আছে বুলি মন্তব্য কৰে ৷ সম্প্ৰতি ভাৰতত আছে ইৰানৰ বৈদেশিক মন্ত্ৰী জৱাদ জৰীফে ৷ ইৰানৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে সমগ্ৰ অঞ্চলটোত শেহতীয়া উন্নয়ন সমূহৰ বিষয়ে নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰে ৷ বৈদেশিক মন্ত্ৰী জৰীফে 'ৰাইচিনা ডাইলগ, 2020'ত অংশগ্ৰহণ কৰিবলৈ দিল্লীত উপস্থিত হৈছিল ৷ আমেৰিকাই এয়াৰ ষ্ট্ৰাইকৰ দ্বাৰা ইৰানৰ মেজৰ জেনেৰেল কাছেম ছুলেইমানিক হত্যা কৰাৰ পৰৱৰ্তী সময়ত মধ্যপ্ৰাচ্যত হোৱা উত্তেজনাৰ পাচতেই এই বৈঠক অনুষ্ঠিত হয় ৷ 3 জানুৱাৰীত আমেৰিকাই এয়াৰ ষ্ট্ৰাইকৰ দ্বাৰা সংঘটিত কৰা আক্ৰমণৰ পাচতেই ইয়াৰ প্ৰতিশোধ ল'বলৈ ইৰানে ইৰাকস্থিত দুটা সেনাৰ চাউনীত মিছাইলেৰে আক্ৰমণ কৰিছিল ৷
এই বৈঠকত প্ৰধান মন্ত্ৰীগৰাকীয়ে চাবাহাৰ প্ৰকল্পত অগ্ৰগতি আৰু বিশেষ অৰ্থনৈতিক অঞ্চল হিচাপে নামকৰণ কৰাৰ বাবে ইৰানৰ নেতৃত্ব গৰাকীক ধন্যবাদ জনাই ৷ ইপিনে ভাৰতলৈ জৰীফক স্বাগতম জনাই মোডীয়ে 2019ৰ ছেপ্তেম্বৰত নিউয়ৰ্কত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ৰাষ্ট্ৰপতি ৰুহানিৰ লগত হোৱা আলোচনাৰ বিষয়ে মত বিনিময় কৰে ৷ ইয়াৰোপৰি প্ৰধান মন্ত্ৰীগৰাকীয়ে ইৰানৰ লগতে সৱল আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক উন্নত কৰিবলৈ ভাৰতে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷
লগতে পঢ়ক - জম্মু-কাশ্মীৰ ভ্ৰমণলৈ কেন্দ্ৰীয় চৰকাৰৰ 36গৰাকী মন্ত্ৰী