নিউজ ডেস্ক, ২৩ জুন : কোভিড-১৯ ৰ সন্ত্ৰাসৰ মাজতেই দেশবাসীলৈ সুখবৰ । বিশ্বৰ ভিতৰত কোভিড-১৯ ত মৃত্যু হোৱা লোকৰ সংখ্যা ভাৰততেই কম । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে মংগলবাৰে প্ৰকাশ কৰিছে এই তথ্য ।
শেহতীয়া তথ্য অনুসৰি, মাৰাত্মক ভাইৰাছবিধত বৰ্তমানলৈ ১৪,০১১ জন লোকৰ মৃত্যু হৈছে । ২২ জুন WHO ৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে, যুক্তৰাষ্ট্ৰত প্ৰতি লাখত ৬৩.১৩ জন লোক কৰ'ণা ভাইৰাছত মৃত্যু হৈছে । একেদৰে স্পেইনত ৬০.৬০, ইটালীত ৫৭.১৯, জাৰ্মানীত ২৭.৩২ আৰু ব্ৰাজিলত ২৩.৬৮ আৰু ৰাছিয়াত ৫.৬২ জন লোকৰ মৃত্যু হৈছে ।
লগতে, WHO পুনৰ জনোৱা অনুসৰি, ভাৰতত সঠিক চিকিৎসা, সময়মতে পৰীক্ষণ তথা চৰকাৰৰ দায়বদ্ধতাৰ বাবে মৃত্যুৰ হাৰ হ্ৰাস হোৱা বুলি সংস্থাটোৱে উল্লেখ কৰে ।

বিগত ২৪ ঘন্টাত ভাৰতত সৰ্বমুঠ ২৪,৮১৮৯ জন ৰোগী আৰোগ্য লাভ কৰিছে । বৰ্তমানেও ভাৰতত ১,৭৮,০১৪ জন ৰোগী চিকিৎসাধীন হৈ আছে ।
ইয়াৰ লগে-লগে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কোভিড-১৯ ৰ মোকাবিলা কৰাৰ বাবে উৰিষ্যা চৰকাৰক প্ৰশংসা কৰিছে ।
ভূৱনেশ্বৰ নগৰ নিগম পৰিষদে এই ৰোগৰ বাবে এটা ডিজিটেল এপচ মুকলি কৰিছে । ইয়াৰ উপৰিও চৰকাৰখনে ২০০৫ ৰ ধাৰা ৫১ অনুসৰি মহামাৰী ৰোগ নিৰাময় অধিনিয়মৰ ১৮৯৭ চনৰ অধীনৰ সকলো ক্ষেত্ৰ আৰু অধিকাৰ সমূহ সকলো জিলা আৰু পঞ্চায়ত সমূহক অৰ্পন কৰা হৈছে ।
ICMR তথ্য অনুসৰি, সোমবাৰলৈ পৰীক্ষা কৰা ১,৮৭,২২৩ পৰীক্ষণৰ লগতে ২২ জুনলৈ ৭১,৩৭,৭১৬ জন লোকৰ পৰীক্ষণ সম্পূৰ্ণ কৰা হৈছে ।
উল্লেখযোগ্য যে, আমেৰিকা, ৰাছিয়া আৰু ব্ৰাজিলৰ পিচতে কোভিড-১৯ সক্ৰমণৰ ক্ষেত্ৰত ভাৰত চতুৰ্থখন ৰাষ্ট্ৰ ।
লগতে পঢ়ক : গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ গৈ ওভতি আহিল অসম আৰক্ষী