নিউজ ডেস্ক, 28 মাৰ্চ : সমগ্ৰ বিশ্বতে ব্যাপী পৰা কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে মাৰ্চৰ 24 তাৰিখৰ পৰা সমগ্ৰ দেশতে লক ডাউন ঘোষণা কৰিছে ৷ এই লক ডাউনে এপ্ৰিলৰ পৰা আৰম্ভ হ'বলগীয়া ৰবি শস্যৰ খেতিত ব্যাপক প্ৰভাৱ পেলাব ৷ কিন্তু এনেকুৱা সময়তে দেশৰ এগৰাকী প্ৰখ্যাত অৰ্থনীতিবিদে ইয়াক লৈ চিন্তাৰ কোনো কাৰণ নাই বুলি কোৱাৰ লগতে, ভাৰতৰ হাতত এতিয়াও ছমাহৰ বাবে খাদ্যসামগ্ৰী মজুত আছে বুলি মন্তব্য কৰিছে ৷
খেতি আৰু খাদ্য নীতিৰ এগৰাকী বিশেষজ্ঞ তথা কৃষি অৰ্থনীতিবিদ দভিন্দৰ সিঙে ইটিভি ভাৰতক কয় যে, "আমাৰ হাতত ইমানেই খাদ্য সামগ্ৰী মজুত আছে যে, আমি চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই ৷ বৰ্তমানে চলি থকা পৰিস্থিতি যদিহে আগন্তুক ছমাহলৈ চলে তেতিয়াও আমাৰ চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই ৷" অৱশ্যে ইয়াত সংশয়ৰ কাৰণো আছে ৷ "যোগান ব্যৱস্থাত কিছু সমস্যাই দেখা দিব পাৰে ৷ কিন্তু মই দৃঢ় বিশ্বাসী যে ইয়াৰ বাবে সকলো দিশ এতিয়াই সক্ৰিয় কৰি তুলিব লাগিব ৷ যোগান শৃংখলক উপযুক্তভাৱে ব্যৱহাৰ কৰিব লাগিব ৷ এইটো খুবেই গুৰুত্বপূৰ্ণ যে, খাদ্যসামগ্ৰী, শাক-পাঁচলি, ফল-মুলৰ যোগান শৃংখল যিকোনো মূল্যৰ বিনিময়ত নিয়ন্ত্ৰণত ৰাখিব লাগিব ৷ যদিহে এই শৃংখল বাধাগ্ৰস্থ হয় তেতিয়াহ'লে খাদ্য সংকটে দেখা দিব পাৰে ৷ সেয়েহে চৰকাৰে ইয়াক খুব দৃঢ়তাৰে আৰু সুক্ষ্মভাৱে নিয়ন্ত্ৰণ কৰিব লাগিব ৷"
নৱেম্বৰৰ মাজভাগৰ পৰা ডিচেম্বৰৰ ভিতৰত ৰুই থোৱা ৰবি শস্যৰ ভিতৰত গুৰুত্বপূৰ্ণ হৈছে, ঘেহু ৷ পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ-প্ৰদেশৰ পশ্চিম প্ৰান্তৰ এইসমূহ অঞ্চলত ভাৰতৰ ভিতৰতে সৰ্বাধিক ঘেহু উৎপাদন হয় ৷ ইয়াৰ উপৰিও দালি, সৰিয়হ আৰু মটৰৰ দৰে অন্যান্য শাক-পাঁচলি এইটো সময়তে উৎপাদন হয় ৷
"এইটো স্পষ্ট যে, কৃষি কেতিয়াও বন্ধ হৈ থাকিব নোৱাৰে ৷ খেতি হৈছে এক গুৰুত্বপূৰ্ণ কাম যাক চৰকাৰে বন্ধ কৰি ৰাখিব নোৱাৰে ৷ কৃষি কোনো উদ্যোগ নহয় যে, কেইদিনমানৰ বাবে ছাটাৰ বন্ধ কৰি পিচত পুনৰ খোলা যাব ৷ কৃষি এক প্ৰচলিত ব্যৱস্থা যি কেতিয়াও বন্ধ হ'ব নোৱাৰে ৷" শৰ্মাই এইদৰে কয় ৷ বিশেষজ্ঞগৰাকীয়ে বিশ্বাস কৰে যে ইয়াৰ বাবে চৰকাৰে এইটো সময়ত যিমান পাৰে সিমান কাম কৰি আছে ৷
তেওঁ লগতে কয় যে, "এই জৰুৰীকালীন সময়ক লৈ কোনো দ্বিমত নাই আৰু চৰকাৰে এই ভাইৰাছ সংক্ৰমণ ৰোধ কৰিব লাগিব ৷ চৰকাৰ এই বিষয়ে জ্ঞাত আৰু ইয়াৰ বাবে লাহে লাহে কাম আৰম্ভ কৰিছে যাতে কৃষিজনিত কাৰ্যসমূহ বন্ধ হৈ নপৰে ৷ চৰকাৰে কৃষকৰ কৰ্ম চলি থাকিবলৈ পদ্ধতিগতভাৱে কাম কৰি আছে আৰু একেসময়তে ইয়াক গ্ৰহণ কৰা আৰু ফলৱৰ্তী কৰাৰ ওপৰতো কাম কৰি আছে ৷ পঞ্জাৱে ইতিমধ্যে এপ্ৰিলৰ 15 তাৰিখৰ ভিতৰত কৃষকৰ পৰা শস্য গ্ৰহণ কৰাৰ কথা ঘোষণা কৰাৰ লগতে হাৰিয়ানায়ো এপ্ৰিলৰ 20 তাৰিখৰ পৰা শস্য গ্ৰহণৰ কথা ঘোষণা কৰিছে ৷"
অৱশ্যে শৰ্মাই কোৱা অনুসৰি, এইসমূহ কাম ততালিকে সম্ভৱ নহয় যদিও চৰকাৰে লাহে লাহে এইক্ষেত্ৰত আগবাঢ়িছে ৷ এইসময়ত আমি চৰকাৰক ধন্যবাদ দিব লাগে ৷ এনেকুৱা অৱস্থা প্ৰথমবাৰৰ বাবে হৈছে, সেয়েহে ইয়াক নিৰ্ধাৰিত সময় দিয়া যাওঁক ৷
"আজি, উদাহৰণস্বৰূপে, পঞ্জাৱে খেতিয়কসকলক কৈছে যে, তেওঁলোকে আলুৰ খেতি কৰিব পাৰিব আৰু ইয়াক শীতলীকৰণ গৃহত ৰাখিব পাৰিব, যাতে একে সময়তে সৰিয়হৰ খেতি কৰি তাক নিজ গৃহত সংৰক্ষণ কৰিব পাৰে ৷ এইটো সম্ভৱ যদিও খেতিয়কসকলে বৃহৎ হাৰে আলু নিজ গৃহত সংৰক্ষণ কৰিব নোৱাৰিব ৷ চৰকাৰে ইয়াক বুজি পাইছে আৰু সেয়েহে এইসমূহ শস্য শীতলীকৰণ গৃহত ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷" দভিন্দৰ শৰ্মাই এইদৰে কয় ৷
ইয়াৰ উপৰিও খেতিয়কসকলক প্ৰৎসাহন দিবলৈ কয় শৰ্মাই ৷ "খেতিয়কসকলে সন্মুখীন হোৱা সমস্যালৈ মন কৰক, তেওঁলোকেও তেওঁলোকৰ উৎপাদিত শস্যসমূহ বিক্ৰী কৰিব লাগিব ৷ কনীকে ধৰি গাখীৰ আৰু অন্যান্য সামগ্ৰীত হোৱা লোকচানলৈ লক্ষ্য কৰক ৷ খেতিয়কসকলে মোক ফোনযোগে জনাইছে যে, তেওঁলোকে মটৰকে ধৰি বিলাহীসমূহ পেলাই দিবলগীয়া হৈছে ৷ সেয়েহে ইয়াৰ বাবে চৰকাৰে তেওঁলোকক সহায় কৰিব নোৱাৰিব নেকি ?"