নেশ্বনেল ডেস্ক, 2 নৱেম্বৰ : ভাৰত আৰু জাৰ্মানীয়ে শুকুৰবাৰে 20 খনকৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ৷ শিক্ষাখণ্ড, কৃষিখণ্ড, নৌখণ্ডকে আদি কৰি বহুকেইখন চুক্তিত স্বাক্ষৰ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ভ্ৰমণৰত জাৰ্মানীৰ চেঞ্চেলাৰ এঞ্জেলা মাৰ্কেলে ৷
ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে যে, বিভিন্ন খণ্ডৰ যুটীয়া বুজাবুজিৰ ঘোষণাপত্ৰত (JDIs) দুয়ো দেশে স্বাক্ষৰ কৰিছে ৷
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নগৰ, কৌশলগত বিকাশ, বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ আৰু বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি এই চুক্তিসমূহত স্বাক্ষৰ কৰা হয় ৷ ইয়াৰোপৰি, শাৰীৰিকভাৱে অক্ষম লোকৰ বাবে সংস্থাপন আৰু বৃত্তিগত প্ৰশিক্ষণ আদিৰ ভিত্তিতো বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ৷ ইণ্ডো-জাৰ্মান উচ্চ শিক্ষাখণ্ডত আয়ুৰ্বেদ, যোগাভ্যাস আৰু ধ্যান আদিৰ সংযোগৰ ওপৰতো বুজাবুজি চুক্তি স্বাক্ষৰিত হয় ৷