ETV Bharat / bharat

স্বাধীনতাৰ পাচত মহা অৰ্থনৈতিক জৰুৰীকালীন অৱস্থাৰ সন্মুখীন হৈছে ভাৰতঃ ৰঘুৰাম ৰাজন - ভাৰত

অৰ্থনৈতিক জৰুৰীকালিন অৱস্থাৰ সন্মুখীন হৈছে ভাৰত । ২০০৮-০৯ বৰ্ষত বিশ্বব্যাপী আৰ্থিক সংকটৰ সন্মুখীন হৈছিল । কিন্তু সেই সময়ত আমাৰ কৰ্মীসকল কাম কৰিবলৈ যাব পাৰিছিল । আগন্তুক বছৰ সমূহত সংস্থা সমূহৰ উত্থান হ'বলৈ ধৰিছিল । অৰ্থনৈতিক ব্যৱস্থ্যাটো বহু পৰিমাণে সুঠাম আৰু চৰকাৰৰ বিত্তীয় ব্যৱস্থা শক্তিশালী আছিল । আজি তাৰিখত এইটো ভ্ৰান্ত; কিয়নো আমি কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজি আছো বুলি লিংক্ডইনৰ এটা নোটত উল্লেখ কৰে ৰঘুৰাম ৰাজনে ।

স্বাধীনতাৰ পাচত মহা অৰ্থনৈতিক জৰুৰীকালিন অৱস্থাৰ সন্মুখীন হৈছে ভাৰতঃ ৰঘুৰাম ৰাজন

author img

By

Published : Apr 6, 2020, 3:31 PM IST

নিউজ ডেস্ক, ৬ এপ্ৰিলঃ দেশৰ অৰ্থনৈতিক সংকটৰ প্ৰতি চিন্তা ব্যক্ত কৰিছে প্ৰাক্তন ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ৰঘুৰাম ৰাজনে । স্বাধীনতাৰ পাচত ভাৰত বৃহৎ অৰ্থনৈতিক জৰুৰীকালিন অৱস্থাৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে । লিংক্ডইনৰ এটা নোটত প্ৰাক্তন গৱৰ্ণৰগৰাকীয়ে উল্লেখ কৰে, স্বাধীনতা লাভ কৰাৰ পাচত অৰ্থনৈতিক ভাৱে এক জৰুৰীকালিন সমস্যাৰ সন্মুখীন হৈছে ভাৰত । ২০০৮-০৯ বৰ্ষতো বিশ্বব্যাপী আৰ্থিক সংকটে দেখা দিছিল । কিন্তু ততিয়া আমাৰ কৰ্মীসকল কাম কৰিবলৈ যাব পাৰিছিল । আগন্তুক বছৰৰ সমূহত সংস্থা সমূহৰ উত্থান হ'বলৈ ধৰিছিল । অৰ্থনৈতিক ব্যৱস্থ্যাটো বহু পৰিমাণে সুঠাম আৰু চৰকাৰৰ বিত্তীয় ব্যৱস্থাটো শক্তিশালী আছিল । কিন্তু আজি তাৰিখত এইটো ভ্ৰান্ত, কিয়নো আমি কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজি আছো ।

অৱশ্য নিৰাশ অথবা হতাশ হ'বলগীয়া প্ৰয়োজন নাই, সঠিক সিদ্ধান্ত আৰু প্ৰাথমিকতাৰ ওপৰত গুৰুত্ব দিলে ভাৰতবৰ্ষত বহু উৎস আছে আৰু এই ভাইৰাছক পৰাভূত কৰিবলৈ পৰা যাব বুলি উল্লেখ কৰে ৰাজনে । লগতে দেওবাৰৰ মঞ্চই অধিক আশা জগাই তুলিছে বুলিও কয় ।

২১ দিনীয়া লক্ ডাউন হৈছে এটা প্ৰথম পদক্ষেপ । এই সময়খিনিত ভাৰতে নিজকে প্ৰস্তুত কৰিবলৈ সময় পাইছে । যদিহে লক্ ডাউনৰ পাচতো ভাইৰাছ প্ৰতিহত কৰিব পৰা নযায় তেতিয়া পৰৱৰ্তী পৰিকল্পনা কি হ'ব তাৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ পৰামৰ্শ দিয়ে ।

আনহাতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ সমূহক একেলগে মিলিত হৈ চৰকাৰী আৰু বেচৰকাৰী সংস্থাৰ সৈতে খাদ্য, স্বাস্থ্য সেৱা, থাকিবলৈ আশ্ৰয় ইত্যাদি প্ৰত্যক্ষ ভাৱে উপভোক্তাক কেইমাহ মান ধৰি দিব লাগে বুলি উল্লেখ কৰে । অন্য়থা প্ৰৱাসী শ্ৰমিকৰ আন্দোলনৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে বুলি আশংকা ব্যক্ত কৰে ।

AIIMS ঝাজৰক COVID-19 চিকিৎলায়লৈ ৰূপান্তৰঃ হৰ্ষ বৰ্ধন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.