নিউজ ডেস্ক, 27 মাৰ্চঃ মহাকাশ অভিযান ক্ষেত্ৰত ভাৰতবৰ্ষই লাভ কৰিলে এক বৃহৎ সফলতা৷ বুধবাৰে 'Low Earth Orbit'ত প্ৰৱেশ কৰা এটি উপগ্ৰহক ধব্বংস কৰাৰ পাচত ভাৰতে বিশ্বৰ অন্যতম মহাকাশ শক্তি ৰূপে পৰিগণিত হয়৷ ইয়াৰ লগে লগে আমেৰিকা, ৰুছ আৰু চীনৰ পাচতে অন্তৰীক্ষত চতুৰ্থ শক্তিশালী দেশ হিচাপে পৰিগণিত হৈছে ভাৰত ৷ বুধবাৰে দেশবাসীক সম্বোধন কৰি এই কথা ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷
উল্লেখ্য যে, ডি.আৰ.ডি.অ'ৰ বৈজ্ঞানিক সকলে বুধবাৰে এল. ই. অ অৰ্থাৎ " Low Earth Orbit' এটা লাইভ ছেটেলাইটউৎক্ষেপনৰ তিনি মিনিট সময়ৰ ভিতৰতে ধ্বংস কৰিবলৈ সক্ষম হয়৷ 'মিছন শক্তি' নামেৰে চলোৱা এই অভিযান অত্যন্ত কঠিন হোৱাৰ পাচতো বৈজ্ঞানিক সকলৰ প্ৰচেষ্টাত এই মিছন সফল হয় ৷