ETV Bharat / bharat

COVID-19 : দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

author img

By

Published : Oct 9, 2020, 5:58 PM IST

ভাৰতত 69 লক্ষাধিক লোকলৈ বৃদ্ধি পালে কৰ'ণা মহামাৰীৰ সংক্ৰমণ ৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে প্ৰদান কৰা তথ্য অনুসৰি, ভাৰতত বৰ্তমানলৈ 8,46,34,680 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷

দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

নেশ্যনেল ডেস্ক, 9 অক্টোবৰ : ভাৰতত 69 লক্ষাধিক লোকলৈ বৃদ্ধি পালে কৰ'ণা মহামাৰীৰ সংক্ৰমণ ৷ বিগত 24 ঘণ্টাত ভাৰতত 70,496 গৰাকী লোকৰ দেহত নতুনকৈ পোৱা গৈছে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰদান কৰা হৈছে এই তথ্য ৷

দেশত কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় মুঠ 69,06,151 গৰাকী লোকলৈ ৷ আনহাতে বিগত 24 ঘণ্টাত নতুনকৈ মৃত্যু হোৱা 964 গৰাকী লোকৰ সৈতে মৃতকৰ সংখ্যা বৃদ্ধি পায় মুঠ 1,06,490 গৰাকী লোকলৈ ৷

COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

উল্লেখ্য যে, দেশত কৰ'ণা মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 59,06,069 গৰাকীলৈ বৃদ্ধি পাইছে ৷ যিটো মুঠ আক্ৰান্তৰ সংখ্যাৰ 85.52 শতাংশ ৷ বৰ্তমানেও ভাৰতত 8,93,592 গৰাকী সক্ৰিয় ৰোগী আছে ৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে প্ৰদান কৰা তথ্য অনুসৰি, ভাৰতত বৰ্তমানলৈ 8,46,34,680 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷ 8 অক্টোবৰৰ দিনটোত সমগ্ৰ দেশতে মুঠ 11,68,705 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷

লগতে পঢ়ক: ভাৰতীয় বিদেশ সেৱাৰ বিষয়াক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.