ETV Bharat / bharat

ভাৰতত 62 লক্ষাধিক অতিক্ৰম কৰিলে কৰ'ণাৰ সংক্ৰমণে - India

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে উল্লেখ কৰা তথ্য অনুসৰি,ভাৰতত সোমবাৰলৈ কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 62,25,763 গৰাকী লোকলৈ ৷ আনহাতে মৃতকৰ সংখ্য়া 97,497 গৰাকীলৈ বৃদ্ধি পালে দেশত ৷

কৰ'ণাৰ সংক্ৰমণ
কৰ'ণাৰ সংক্ৰমণ
author img

By

Published : Sep 30, 2020, 12:36 PM IST

নেশ্যনেল ডেস্ক, 30 চেপ্তেম্বৰ: সোমবাৰলৈ ভাৰতত কৰ'ণাৰ সংক্ৰমণে অতিক্ৰম কৰিলে 62 লক্ষাধিক লোকলৈ ৷ বিগত 24 ঘণ্টাত ভাৰতত নতুনকৈ 80,472 গৰাকী লোকৰ দেহত পোৱা গৈছে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰদান কৰা প্ৰতিবেদন অনুসৰি প্ৰকাশ কৰা হৈছে এই তথ্য ৷

ভাৰতত 62 লক্ষাধিক অতিক্ৰম কৰিলে কৰ'ণাৰ সংক্ৰমণে
COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

আনহাতে দেশত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পালে 97,497 গৰাকীলৈ ৷ বিগত 24 ঘণ্টাত কৰ'ণাত আক্ৰান্ত হৈ মুঠ 1,179 লোকৰ মৃত্যু হৈছে ৷ বৰ্তমানেও দেশত 9,40,441 গৰাকী সক্ৰিয় কৰ'ণা আক্ৰান্ত ৰোগী আছে ৷

উল্লেখ্য যে,ভাৰতত মঙবাৰলৈ 62,25,763 লোকলৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৷ অৱশ্যে এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যাও 51,87,825 গৰাকীলৈ বৃদ্ধি পাইছে,যিটো মুঠ আক্ৰান্তৰ সংখ্যাৰ 83.33 শতাংশ ৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে উল্লেখ কৰা তথ্য অনুসৰি,ভাৰতত মুঠ 7,41,96,729 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷ 29 চেপ্তেম্বৰৰ দিনটোত দেশজুৰি মুঠ 10,86,688 লাখ নমুনা পৰীক্ষা কৰা হৈছে ৷

লগতে পঢ়ক: দেশৰ দহখনকৈ ৰাজ্যত ভয়ানকভাৱে বৃদ্ধি কোভিড-19ৰ প্ৰকোপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.