ETV Bharat / bharat

COVID-১৯ঃ দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য - কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে

দেশত অব্যাহত আছে COVID-১৯ মহামাৰীৰ সংহাৰ। ভাৰতত ৯০ লাখৰ ঘৰ স্পৰ্শ কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্যাই । নতুনকৈ মৃত্যু হোৱা ৫০১ জন ৰোগীৰ সৈতে এতিয়ালৈকে মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১,৩৩,২২৭ জন । দেওবাৰে পুৱা ৮ বজাত প্ৰকাশিত তথ্য অনুসৰি ধাৰাবাহিকভাৱে ১২ দিনৰ দিনাও নতুনকৈ আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ৫ লাখতকৈ হ্ৰাস ।

ভাৰতত ৯০ লাখৰ ঘৰ স্পৰ্শ কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্যাই

author img

By

Published : Nov 22, 2020, 12:04 PM IST

নেশ্যনেল ডেস্ক, ২১ নৱেম্বৰ: কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেওবাৰে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, ভাৰতত কৰ'ণা আক্ৰান্তৰ ৪৫,২০৯টা নতুন ঘটনা পঞ্জীয়ন কৰা হৈছে । বৰ্তমানলৈকে মুঠ ৯০,৯৫,৮০৬ জন লোক মহামাৰীৰ কবলত পৰিছে । দেশত ৮৫,২১,৬১৭ জন লোক সুস্থ হৈ উঠিছে। নতুনকৈ ৫০১ জনৰো অধিক লোকে কৰ'ণা মহামাৰীৰে যুঁজি মৃত্যুৰে হাৰ মানিছে আৰু এতিয়ালৈকে মুঠ ১,৩৩,২২৭ জন ৰোগীয়ে প্ৰাণ হেৰুৱাইছে ।

ভাৰতত ৯০ লাখৰ ঘৰ স্পৰ্শ কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্যাই
ভাৰতত ৯০ লাখৰ ঘৰ স্পৰ্শ কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্যাই

দেওবাৰে পুৱা ৮ বজাত এই তথ্য প্ৰকাশ কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে । ধাৰাবাহিকভাৱে ১২ দিনৰ দিনাও দেশত নতুনকৈ মহামাৰীৰ কবলত পৰা ৰোগীৰ সংখ্যা ৫ লাখতকৈ কম হোৱা পৰিলক্ষিত হয় । ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ হৈছেগৈ ৯৩.৬৯ শতাংশ আৰু মৃত্যুৰ হাৰ ১.৪৬ শতাংশলৈ হ্ৰাস পাইছে । ভাৰতত বৰ্তমান কৰ'ণা আক্ৰান্তৰ ৪,৪০,৯৬২টা ঘটনা সক্ৰিয় হৈ আছে । ভাৰতত প্ৰাণঘাতী কৰ'ণা মহামাৰীত আক্ৰান্তৰ সংখ্যাই যোৱা ৭ আগষ্টত ২০ লাখ অতিক্ৰম কৰে ।

আক্ৰান্তৰ সংখ্যা যোৱা ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ, ১৬ ছেপ্টেম্বৰত ৫০ লাখ, ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ আৰু ২০ নৱেম্বৰত ৯০ লাখলৈ বৃদ্ধি পায় । ইণ্ডিয়ান কাউন্সিল অৱ ৰিচাৰ্চৰ মতে, শনিবাৰে পৰীক্ষা কৰা ১০,৭৫,৩২৬টা নমুনাসহ এতিয়ালৈকে ভাৰতত ১৩.১৭ কোটিৰো অধিক লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ।

লগতে পঢ়ক:বাৰ্ষিক মান্দালা পূজাৰ বাবে মুকলি সৱৰিমালা মন্দিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.