নতুন দিল্লী,26 নৱেম্বৰ: ভাৰতত বিগত 24 ঘণ্টাত 44,489 গৰাকী লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত হৈছে ৷ আক্ৰান্তৰ বৰ্ধিত সংখ্যাই বৰ্তমান অতিক্ৰম কৰিছে 92,66,706 ৰ সীমা ৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰালয়ে সদৰী কৰিছে এই তথ্য ৷ তদুপৰি বিগত 24 ঘণ্টাত কৰ’ণাত আক্ৰান্ত হৈ 524 গৰাকী ব্যক্তিয়ে মৃত্য়ুবৰণ কৰিছে ৷ সম্প্ৰতি দেশখনত মৃতকৰ সংখ্যা বৃদ্ধি পাইছে 1,35,223 গৰাকীলৈ ৷ দেশখনত এতিয়া আক্ৰান্ত ব্যক্তিৰ সংখ্যা হৈছে 4,52,344 গৰাকী ৷ ভাৰতত কৰ’ণাত আক্ৰান্ত ব্যক্তিসকলৰ ভিতৰত 86,79,138 গৰাকী ব্যক্তিয়ে আৰোগ্য় লাভ কৰিছে ৷
ভাৰতৰ ভিতৰত সৰ্বাধিক মহাৰাষ্ট্ৰত 85,488 গৰাকী ব্য়ক্তি বৰ্তমানেও কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ আছে ৷ কেৰালাত 65,234 গৰাকী, নতুন দিল্লীত 38,287 গৰাকী বৰ্তমানে ভাইৰাছবিধত আক্ৰান্ত হৈ আছে ৷ দেশখনত 50,000 তকৈ কম আক্ৰান্ত ৰোগীৰ সংখ্যাই ক্ৰমাগত 19 দিন অতিক্ৰম কৰিছে ৷
আইএমচিআৰৰ তথ্য অনুসৰি, 25 নৱেম্বৰৰ দিনটোলৈকে 13,59,31,545 টা নমুনাৰ পৰীক্ষা সম্পন্ন হৈছে ৷ প্ৰায় 10,90,238 টা নমুনাৰ পৰীক্ষণ বুধবাৰৰ দিনোটত সম্পন্ন হয় ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, সম্প্ৰতি দেশত কৰ’ণা আক্ৰান্তৰ হাৰ হৈছে 6.84 শতাংশ ৷
লগতে চাওকঃ নৱগ্ৰহত চিৰদিন লৈ শুই পৰিব চিৰতৰুণ