ETV Bharat / bharat

পাকিস্তানৰ নানকানা ছাহিব গুৰুদ্বাৰত শিলাবৰ্ষণক গৰিহণা ভাৰতৰ - পাকিস্তানৰ নানকানা ছাহিব গুৰুদ্বাৰত শিলাবৰ্ষণক গৰিহণা ভাৰতৰ

পাকিস্তানৰ নানকানা ছাহিব গুৰুদ্বাৰৰ শিলাবৰ্ষণক গৰিহণা ভাৰতৰ ৷ অতি সোনকালে দোষীক শাস্তি প্ৰদান কৰিবলৈ ভাৰতৰ দাবী ৷

ভাৰতৰ গৰিহণা
পাকিস্তানৰ নানকানা ছাহিব গুৰুদ্বাৰত শিলাবৰ্ষণ
author img

By

Published : Jan 4, 2020, 3:02 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 4 জানুৱাৰী : পাকিস্তানৰ নানকানা ছাহিব গুৰুদ্বাৰত শুকুৰবাৰে সংঘটিত হোৱা ধংসাত্মক কাৰ্যক গৰিহণা দিছে ভাৰতে ৷ পাকিস্তানস্থিত গুৰুদ্বাৰটোত শতাধিক স্থানীয় লোকে শিলাবৰ্ষণ কৰাৰ ফলত বহুকেইজন শিখ ধৰ্মাৱলম্বী লোক আহত হয় ৷

ভাৰতৰ গৰিহণা

তথ্য অনুসৰি, এগৰাকী শিখ ধৰ্মাৱলম্বী যুৱতীক ইছলাম ধৰ্মলৈ ধৰ্মান্তৰকৰণ কৰি এজন মুছলিম যুৱকলৈ বিয়া দিয়া কাৰ্যৰ বিৰুদ্ধে শিখ ধৰ্মৰ লোকসকলে প্ৰতিবাদ কৰি আহিছিল ৷ ইয়াৰ ফলতে স্থানীয় লোকসকলৰ সৈতে শিখ ধৰ্মৰ লোকসকলৰ বিবাদ সৃষ্টি হৈছিল ৷

ভাৰতৰ গৰিহণা
পাকিস্তানৰ নানকানা ছাহিব গুৰুদ্বাৰত শিলাবৰ্ষণ

যুৱতীগৰাকীক বলপূৰ্বকভাৱে ধৰ্মান্তৰকৰণ কৰা বুলি অভিযোগ উত্থাপন হোৱা লোকজনৰ পৰিয়ালৰ লোকে এই আক্ৰমণৰ নেতৃত্ব প্ৰদান কৰা বুলি জানিব পৰা গৈছে ৷

এই ঘটনাক "পবিত্ৰ স্থান ধংস কৰাৰ লগতে অপবিত্ৰ" কৰা বুলি মন্তব্য কৰি ভাৰতে দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তি গ্ৰহণৰ দাবী জনাইছে ৷

উল্লেখ্য যে, এই ঘটনাক তীব্ৰ গৰিহণা দি নতুন দিল্লীস্থিত পাকিস্তানৰ দূতাবাসৰ বাহিৰত ভাৰতৰ শিখ ধৰ্মাৱলম্বী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷

এই ঘটনাক প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ হৰভজন সিং আৰু গৌতম গম্ভীৰেও গৰিহণা দিয়ে ৷ লগতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক এই ঘটনাৰ বিৰুদ্ধে কঠোৰ শাস্তি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷

আৰু পঢ়ক : গুৱাহাটীত খেলো ইণ্ডিয়া ২০২০ৰ প্ৰস্তুতি তুংগত

Intro:Body:

Live Reactrion

Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.