নেশ্যনেল ডেস্ক, 16 জুন : সোমবাৰে ভাৰত-চীনা সৈন্যৰ মাজত সংঘৰ্ষত নিহত হৈছে তিনি ভাৰতীয় সেনা জোৱান ৷ গলৱান উপত্যকাত সংঘটিত এই ঘটনাত প্ৰাণ হেৰুৱালে এজন সেনা বিষয়া আৰু দুই জোৱানে ৷
ঘটনাৰ পাচতে উত্তেজিত পৰিস্থিতি শাম কটোৱাৰ উদ্দেশ্যে দুয়ো পক্ষৰ জ্যেষ্ঠ সেনা বিষয়া ঘটনাস্থলীত উপস্থিত হৈছে ৷
ভাৰতীয় সেনাই এক বিবৃতি প্ৰকাশ কৰি জানিবলৈ দিয়ে যে, এই সংঘৰ্ষৰ ফলত ভাৰতীয় সেনাৰ এজন বিষয়াসহ তিনিজন জোৱানে প্ৰাণ হেৰুৱাইছে ৷
উল্লেখ্য যে, সোমবাৰে ভাৰত আৰু চীনৰ মাজত পূৱ লাডাখত ব্ৰিগেড কমাণ্ডাৰ আৰু কোম্পানী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল ৷
লগতে পঢ়ক : সংবেদনশীলতাৰে প্ৰচাৰ কৰক আত্মহত্যাৰ সংবাদ