ETV Bharat / bharat

২৪ জুনত ৰাছিয়াৰ বিজয় পেৰেডত অংশগ্ৰহণ কৰিব চীন-ভাৰতৰ বিদেশ মন্ত্ৰী - বিজয় পেৰেড

সীমা বিবাদক কেন্দ্ৰ কৰি ১৫ জুনৰ নিশা লাডাখ অঞ্চলৰ গালৱান সীমান্তত চীন-ভাৰতৰ লগত সংঘৰ্ষৰ ফলত চীন-ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটিছিল । কিন্তু বুধবাৰ অৰ্থাৎ ২৪ জুনত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু চীনৰ প্ৰতিৰক্ষা মনীয়ে উক্ত বিষয় সম্পৰ্কত আলোচনা কৰাৰ সম্ভাৱনা আছে । কিয়নো বুধবাৰে ৰাছিয়াত অনুষ্ঠিত হবলগীয়া বিজয় পেৰেডত অংশগ্ৰহণ কৰিব দুয়োখন দেশে ।

india-china-defence-ministers-to-share-table-at-moscows-red-square-on-wednesday

author img

By

Published : Jun 21, 2020, 9:37 PM IST

নিউজ ডেস্ক, ২১ জুন : সীমা বিবাদক কেন্দ্ৰ কৰি ১৫ জুনৰ নিশা লাডাখ অঞ্চলৰ গালৱান সীমান্তত চীন-ভাৰতৰ লগত সংঘৰ্ষৰ ফলত চীন-ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটিছিল । কিন্তু বুধবাৰ অৰ্থাৎ ২৪ জুনত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু চীনৰ প্ৰতিৰক্ষা মনীয়ে উক্ত বিষয় সম্পৰ্কত আলোচনা কৰাৰ সম্ভাৱনা আছে । কিয়নো বুধবাৰে ৰাছিয়াত অনুষ্ঠিত হবলগীয়া বিজয় পেৰেডত অংশগ্ৰহণ কৰিব দুয়োখন দেশে ।

ভাৰত, চীন আৰু ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে পেৰেডৰ জৰিয়তে একেখন টেবুলত বহাৰ সম্ভাৱনা আছে । ইটিভি ভাৰতক এক বিশেষ সূত্ৰই জনোৱা অনুসৰি, চীন-ভাৰতৰ মাজত যাতে অধিক সময় ধৰি উক্ত সমস্যা সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে ।

আচয্যকৰ বিষয় এয়াই যে, ২৩ জুন তাৰিখে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয় শংকৰ আৰু চীনৰ বিদেশ মন্ত্ৰীৰ লগত দুয়োখন দেশৰ সমস্যা সমাধানৰ চেষ্টা চলোৱা হ'ব ।

আনহাতে, চীন-ভাৰতৰ এই সংঘৰ্ষত ৰাছিয়াই মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছে । কিয়নো দুয়োখন দেশৰ ওচৰৰ ৰাষ্ট্ৰ হিচাপে ৰাছিয়াক বিবেচিত কৰা হয় । লগতে এই সমস্যা সমাধানৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰতি ডনাল্ড ট্ৰাম্পেও বিশেষ ভুমিকা পালন কৰি আহিছে ।

উল্লেখযোগ্য যে, ৰাছিয়াৰ বিজয় পেৰেড ৯ মে তাৰিখে অনুষ্ঠিত কৰাৰ কথা আছিল কিন্তু কোভিড-১৯ ৰ সন্ত্ৰাসৰ বাবে এই পেৰেড স্থগিত কৰা হৈছিল । প্ৰতিবছৰে ৰাছিয়াৰ এই বিজয় পেৰেড দ্ধিতীয় বিশ্ব যুদ্ধত শ্বহীদ হোৱা সেনা আৰু তেওঁলোকৰ বলিদানক কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্য অনুষ্ঠিত কৰা হয় । বুধবাৰে অনুষ্ঠিত হ'ব লগা ৰাছিয়াৰ এই বিজয় পেৰেডত চীন-ভাৰতকে আদি কৰি ১৩ খন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিব ।

ইতিমধ্যে ভাৰতে IAF C -17 বিমানৰ জৰিয়তে ৭৫ জনীয়া প্ৰতিনিধিৰ দল এটা প্ৰেৰণ কৰিছে । যাৰ বিপৰীতে চীনৰ ১০৫ জন সদস্যই অংশগ্ৰহণ কৰিব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.