নিউজ ডেস্ক, ২১ জুনঃ কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত চীনা সৈন্যৰ প্ৰৱেশ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰা মন্তব্যক কটু সমালোচনা কৰে বামপন্থী দলৰ নেতাসকলে । লাডাখত চীনা সৈন্য প্ৰৱেশ কৰা নাছিল বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰাৰ পাছতে সৰৱ হৈ পৰে বামপন্থী দলসমূহ । সাম্প্ৰতিক সময়ৰ এই গুৰুতৰ বিষয়ক লৈ মোডীয়ে কৰা মন্তব্যক বামপন্থী নেতাসকলে 'পৰস্পৰ বিৰোধী' (ambivalent) বুলি অভিহিত কৰি প্ৰথমে নিজৰ মনটোক শক্তিশালী কৰিবলৈ আহ্বান জনায় ।
লাডাখৰ গালৱান উপত্যকাত কোনো সৈন্য প্ৰৱেশ কৰা নাছিল আৰু কোনোৱে সেনা চাৱনি ঘেৰাও কৰা নাছিল বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উল্লেখ কৰিছিল । ভাৰত-চীন সীমান্তক লৈ নতুন দিল্লীত অনুষ্ঠিত হোৱা সৰ্বদলীয় বৈঠকত কৰা এই মন্তব্যৰ পাছতেই বামপন্থী দলৰ নেতাসকলৰ সমালোচনাৰ সম্মুখীন হয় মোডী । তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এই হাস্যকৰ বাখ্যা (mischievous interpretation) নকৰিবলৈ আহ্বান জনায়।
![India-China clash: Left parties urge PM Modi to 'make up mind' after PMO clarification](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11:26:41:1592719001_pm-modi_2006newsroom_1592651393_266.jpg)
"কোনো ধৰণৰ মন্তব্য প্ৰকাশৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে প্ৰথমে নিজৰ মনটো স্থিৰ কৰিব লাগে । সকলো ৰাজনৈতিক দলক বিভ্ৰান্ত কৰা তথা কূটনৈতিক আলোচনাত আন দলসমূহৰ অৱস্থান দুৰ্বল কৰাটো উচিত নহয় । সৰ্বদলীয় বৈঠকত নৰেন্দ্ৰ মোডীয়ে কৰা মন্তব্যৰ কোনো অৰ্থ নাই । এই গুৰুতৰ বিষয়ক লৈ প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যক আমি কেনেদৰে বিশ্বাস কৰিব পাৰো" বুলি প্ৰশ্ন উত্থাপন কৰে বামপন্থী সকলে ।
ইয়াৰ উপৰি "দেশমাতৃক ৰক্ষাৰ অৰ্থে নিজৰ জীৱন বিসৰ্জন দিয়া আমাৰ শ্বহীদ জোৱানসকলৰ বলিদান ভোট বেংকৰ স্বাৰ্থৰ কৰা ৰাজনীতিত অথলে যাব দিয়া নহ'ব" বুলি প্ৰধানমন্ত্ৰী মোডীক উদ্দেশ্যি টুইট কৰে CPI(M) দলৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে ।
"এনেধৰণৰ এটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ দেশৰ নেতাই কেনেদৰে এই অস্পষ্ট মন্তব্য কৰিব পাৰে" বুলি CPI(M) আৰু CPI দুয়োটা দলেই প্ৰশ্ন উত্থাপন কৰে ।
ভাতৰ-চীন সীমান্ত সন্দৰ্ভত অনুষ্ঠিত হোৱা সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰী মোডীয়ে স্পষ্টকৈ লাডাখ সীমান্তৰ সংঘৰ্ষ সন্দৰ্ভত মন্তব্য নকৰাক লৈ CPI দলৰ সাধাৰণ সম্পাদক ডি ৰাজায়ো সমালোচনা কৰে । তেখেতে "লাডাখত চীনা সৈন্যৰ আক্ৰমনত ২০ জনকৈ ভাৰতীয় সেনা জোৱানে প্ৰাণ হেৰুওৱা কথাটো বিশ্বাস কৰিম নে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লাডাখত কোনো প্ৰৱেশ কৰা নাছিল বুলি কৰা মন্তব্যৰ বিশ্বাস কৰা উচিত ?"বুলি প্ৰশ্ন উত্থাপন কৰে।
উল্লেখ্য যে, শুকুৰবাৰে অনুষ্ঠিত হোৱা সৰ্বদলীয় বৈঠকত ১৫ জুনত লাডাখ সীমান্তত ভাৰত আৰু চীনা সৈন্যৰ মাজত হোৱা সংঘৰ্ষ সন্দৰ্ভত মোডীয়ে এই মন্তব্য কৰিছিল বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতিযোগে প্ৰকাশ কৰিছিল।