আগৰতলা, 26 অক্টোবৰঃ শুকুৰবাৰে দিপাৱলী উপলক্ষে আখাউৰা ইন্টিগ্ৰেটেড চেকপোষ্টত সীমান্ত সুৰক্ষা বাহিনী আৰু বাংলাদেশৰ সীমান্তৰক্ষীয়ে মিঠাই বিনিময় কৰে ৷ দুয়োখন প্ৰতিবেশী ৰাষ্ট্ৰৰ সেনাৰ মাজত মিঠাইৰ বিনিময়ে শুভেচ্ছাৰ ইংগিত দিয়ে ৷ আখাউৰা বিজিবি কেম্পৰ কোম্পানী কামাণ্ডাৰ জাহাংগীৰ আলমে কয় যে, "এই প্ৰাক্ দিপাৱলী উদযাপন আৰু এই ক্ষেত্ৰত মিঠাই বিনিময়ে ভৱিষ্যতলৈ দুয়োখন দেশৰ মাজত সম্পৰ্ক আৰু অধিক দৃঢ় কৰাত সহায় কৰিব ৷ লগতে এই শুভেচ্ছাই দুয়ো দেশৰে সীমান্তবৰ্তী এলেকাসমূহত হোৱা অপৰাধৰ পৰিমাণো হ্ৰাস কৰাত সহায়ক হ’ব ৷"
আনহাতে, এক পুৰণি পৰম্পৰাৰ অংশ তথা অনুশীলন হিচাপে ৰেঞ্জাৰসকলে প্ৰতিবছৰেই গণতন্ত্ৰ দিৱস, স্বাধীনতা দিৱস, ঈদৰ লগতে দুয়ো দেশৰে জাতীয় আৰু ধৰ্মীয় অনুষ্ঠানসমূহত এনেদৰেই আনন্দ বিনিময় কৰে ৷