নেশ্যনেল ডেস্ক, 29 মে': ভাৰতে মহামাৰী কৰ'ণা ভাইৰাছ ৰোধত 'বিশ্বৰ বাবে ফাৰ্মাচী'ৰ দৰে কাম কৰাৰ লগতে বিশ্বৰ বিভিন্ন অঞ্চললৈ স্বাস্থ্য সেৱা যোগানকাৰী হিচাপে কাম কৰিছে ৷
'COVID-19 ৰ বিৰুদ্ধে বৰ্তমান আৰু ভৱিষ্যতে প্ৰবাসী ভাৰতীয়ৰ সৈতে আৰ্থিক সহযোগিতা বৃদ্ধি' সম্পৰ্কীয় এক ভিডিঅ' কনফাৰেন্সিঙত বৈদেশিক মন্ত্ৰণালয়ৰ সচিব সঞ্জয় ভট্টাচাৰ্যই কয় যে, উন্নত আৰু উন্নয়নশীল দেশৰ মাজত যোগসূত্ৰ স্থাপন কৰাৰ ভাৰতৰ সামৰ্থ্য আছে ৷
তেওঁ কয়, "প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰী জয় শংকৰে বিভিন্ন দেশৰ প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰিছে ৷ ইয়াৰ জৰিয়তে বিভিন্ন অভিজ্ঞতা সম্পৰ্কত কথা পতাৰ লগতে কৰ'ণা ভাইৰাছৰ বিভিন্ন তথ্য সম্পৰ্কত আলোচনা কৰিছে ৷"