ETV Bharat / bharat

এটা দিনত তেলেংগানাত 79 লোক COVID-19 ত আক্ৰান্ত - এটা দিনত তেলেংগানাত 79 লোক COVID-19 ত আক্ৰান্ত

তেলেংগানাত হঠাৎ বৃদ্ধি পালে COVID-19 আক্ৰান্তৰ সংখ্যা ৷ সোমবাৰে ৰাজ্যখনত সৰ্বাধিক আক্ৰান্তৰ ঘটনা পোহৰলৈ আহে ৷ যোৱা তিনিদিনত আক্ৰান্ত হৈছে 142 জন লোক ৷

তেলেংগানাত হঠাৎ বৃদ্ধি পালে COVID-19 আক্ৰান্তৰ সংখ্যা
এটা দিনত তেলেংগানাত 79 লোক COVID-19 ত আক্ৰান্ত
author img

By

Published : May 12, 2020, 2:34 PM IST

নেশ্যনেল ডেস্ক, 12 মে' : সোমবাৰে তেলেংগানাত এটা দিনত সৰ্বাধিক 79 জন লোক COVID-19 ত আক্ৰান্ত হৈছে ৷ আক্ৰান্ত সকলো লোক গ্ৰেটাৰ হাইদৰাবাদৰ বুলি জানিব পৰা গৈছে ৷ ইয়াৰ ফলত বৰ্তমানলৈকে ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা 1,275 জনলৈ বৃদ্ধি পালে ৷

একেৰাহে তৃতীয় দিনৰ বাবে ৰাজ্যখনত আক্ৰান্তৰ সংখ্যাই সৰ্বাধিক সীমা অতিক্ৰম কৰিছে ৷ এই তিনিদিনৰ ভিতৰত ৰাজ্যখনত 142 জন লোক আক্ৰান্ত হৈছে আৰু এই সকলো লোক হাইদৰাবাদৰ বুলি জানিব পৰা গৈছে ৷

হঠাৎ কিদৰে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে আৰু কোন অঞ্চলত আক্ৰান্তৰ সংখ্যা অধিক সেই সম্পৰ্কত বৰ্তমানলৈকে প্ৰশাসনৰ পৰা কোনো মন্তব্য আগবঢ়োৱা নাই ৷

ৰাজহুৱা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰবন্ধকৰ মতে, সোমবাৰে 50 জন লোক আৰোগ্য হৈ উঠিছে ৷ ইয়াৰ ফলত সৰ্বমুঠ আৰোগ্যৰ সংখ্যা 801 লৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে ৷ আনহাতে, গান্ধী হাস্পতালত চিকিৎসাধীন হৈ আছে 444 লোক ৷ সোমবাৰে এজনো লোকৰ মৃত্যু হোৱা নাই বুলি তথ্যত প্ৰকাশ ৷ বৰ্তমানলৈকে ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সংখ্যা 30 জন ৷

উল্লেখ্য যে, যোৱা 7-10 দিনত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাই অহাত চৰকাৰে ঘোষণা কৰিছিল যে, 8 মে' পৰ্যন্ত ৰাজ্যখনত এটাও আক্ৰান্তৰ ঘটনা নাথাকিব ৷ কিন্তু, হঠাৎ এই সংখ্যা বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে চৰকাৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.