নিউজ ডেস্ক, ২১ এপ্ৰিলঃ মঙলবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পিতৃ আনন্দ সিং বিষ্টৰ সম্পন্ন কৰা হয় অন্তিম সংস্কাৰ । আদিত্যনাথৰ অনুপস্থিতিতেই ফুল চাট্টিত অনুষ্ঠিত কৰা হয় এই অন্তিম সংস্কাৰ কাৰ্য। সোমবাৰে দিল্লীৰ AIIMS হাস্পতালত মৃত্য়ু হৈছিল মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পিতৃ আনন্দ সিং বিষ্টৰ ।
মুখ্যমন্ত্ৰী আদিত্যনাথে পূৰ্বতেই উল্লেখ কৰিছিল যে, পিতৃৰ অন্তিম সংস্কাৰত অংশ নোলোৱাৰ কথা । লক ডাউনৰ প্ৰৱৰ্তন সুনিশ্চত কৰা আৰু উত্তৰ প্ৰদেশত কোভিড-১৯ মহামাৰীক পৰাভূত কৰিবৰ বাবেই অন্তিম সংস্কাৰত অংশ নোলোৱাৰ কথা উল্লেখ কৰিছিল পুত্ৰ তথা মুখ্যমন্ত্ৰীগৰাকীয়ে ।
অৱশ্যে এই অন্তিম সংস্কাৰ কাৰ্যত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰা সিং ৰাৱটৰ লগতে বহু নেতাই অংশ লয় । সকলোৱে মাস্ক পৰিধান কৰি এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। যোগী আদিত্য়নাথেও কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অতি কম সংখ্য়ক লোকক এই অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ অনুৰোধ জনাইছিল ।