1. আজি কেবিনেট, CCEA, CCS ৰ গুৰুত্বপূৰ্ণ বৈঠক
আজি ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে কেন্দ্ৰীয় কেবিনেট, অৰ্থনীতি সম্পৰ্কীয় কেবিনেট কমিটি (CCEA) আৰু সুৰক্ষা সম্পৰ্কীয় কেবিনেট কমিটিৰ (CCS) গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব ৷
2. কৃষি আইন : কেন্দ্ৰৰ সৈতে পাঞ্জাৱৰ বিভিন্ন কৃষক সংগঠনৰ বৈঠক
নতুন কৃষি আইন সম্পৰ্কত কেন্দ্ৰৰ সৈতে পাঞ্জাৱৰ বিভিন্ন কৃষক সংগঠনসমূহে আজি দিল্লীত এক বৈঠকত মিলিত হ'ব ৷ ভাৰতীয় কিষান ইউনিয়নৰ মুৰব্বী বলবীৰ সিং ৰাজেৱালে জানিবলৈ দিয়া অনুসৰি, এই বৈঠকৰ বাবে এক সাতজনীয়া পেনেল গঠন কৰি দিয়া হৈছে ৷
3. বিহাৰ নিৰ্বাচন : চাৰিটাকৈ সমদলত অংশগ্ৰহণ কৰিব নিতীশ কুমাৰে
বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী নিতীশ কুমাৰে জনতা দলৰ সন্মিলিত নিৰ্বাচনী প্ৰচাৰ হিচাপে চাৰিটাকৈ সমদলত অংশগ্ৰহণ কৰিব ৷ তেওঁ বাংকা, ভগলপুৰ, মুংগাৰ আৰু পাটনাত নিৰ্বাচনী প্ৰচাৰ চলাব ৷