1.আজি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 সন্দৰ্ভত ৰাজ্যপালৰ আলোচনা চক্ৰ সম্বোধন কৰিব ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে
আজি এক ভিডিঅ’ কনফাৰেঞ্চযোগে ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভত ৰাজ্যপালৰ আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠান সম্বোধন কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ শিক্ষা মন্ত্ৰণালয়ৰ দ্বাৰা অনুষ্ঠিত এই বৈঠকখনক ‘উচ্চশিক্ষা ৰূপান্তৰৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020’ নামেৰে নামাকৰণ কৰা হৈছে ৷

2.আজি এক ভাৰ্চুৱেল ৰেলী সম্বোধন কৰিব বিহাৰৰ মুখ্যমন্ত্ৰীয়ে
বিহাৰৰ মুখ্যমন্ত্ৰী আৰু জনতা দলৰ ৰাষ্ট্ৰীয় সভাপতি নিতিশ কুমাৰে আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দলৰ এক ভাৰ্চুৱেল ৰেলীৰ সম্বোধন কৰিব ৷ আজি দিনৰ 11.30 বজাত দলটোৰ ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে ৰেলীৰ সম্বোধন কৰিব নিতিশ কুমাৰে ৷ ইয়াৰ পূৰ্বে এই অনুষ্ঠানটো দেওবাৰে অনুস্থিত হোৱাৰ কথা আছিল যদিও প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মৃত্যুৰ বাবে এসপ্তাহজোৰা শোক প্ৰকাশৰ বাবে দেওবাৰৰ সলনি সোমবাৰে অনুস্থিত কৰা হয় ৷

3.ক’ভিড-19 মহামাৰী সন্দৰ্ভত আলোচনা কৰা হ’ব সংসদীয় পেনেলৰ বৈঠকত
আনলক 4ৰ সময়ছোৱাত দেশত পোহৰলৈ অহা ক’ভিড-19ৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি আজি সংসদৰ স্থায়ী কমিটিয়ে এক চিকিৎসা বৈঠকত মিলিত হ’ব ৷

4.আজিৰ পৰা আৰম্ভ হ’ব তেলেংগানা বিধানসভাৰ অধিৱেশন
ক’ভিড-19 মহামাৰীৰ পিছত আজিৰ পৰা আৰম্ভ হ’ব তেলংগানাৰ বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন ৷ অধিৱেশনৰ বাবে ইতিমধ্যে শাসক আৰু বিৰুধী পক্ষই ইতিমধ্যে নিজৰ কৌশলসমূহ চূড়ান্ত কৰিছে ৷

5.আজিৰ পৰা ৰাজধানী দিল্লীত আৰম্ভ হ’ব মেট্ৰ’ ৰে’ল সেৱা
আজিৰে পৰা সেৱাসমূহ পুনৰ আৰম্ভ কৰাৰ বাবে সাজু হৈছে দিল্লী মেট্ৰ’ ৰে’ল কোৰ্পৰচেন ৷ ক’ভিড-19ৰ বাবে 22 মাৰ্চৰ পৰা ব্যাহত হৈ আছিল দিল্লী মেট্ৰ’ ৰে’ল সেৱা ৷ সম্প্ৰতি কেৱল হালধীয়া লাইন(সম্যাপুৰ বদলীৰ পৰা হুদা চিটি চেন্টাৰ)ৰ পৰ্যন্ত চলিব মেট্ৰ’ সেৱা ৷ অহা 5 দিনৰ ভিতৰত বাকী থকা লাইনৰ সেৱাসমূহো পুনৰ আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিছে DMRCৰ বিষয়ববীয়াই ৷
