প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে কৃষিৰ আন্তঃগাঁঠনি পুঁজিৰ অধীনত 1 লাখ টকাৰ আৰ্থিক অনুদান মুকলি কৰিব
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ভিডিঅ' কনফাৰেন্সযোগে কৃষিৰ আন্তঃগাঁঠনি পুঁজিৰ অধীনত 1 লাখ টকাৰ আৰ্থিক অনুদান মুকলি কৰিব ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতিৰ জৰিয়তে প্ৰধানমন্ত্ৰী কৃষ্ণা সম্মান নিধি যোজনাৰ অধীনত পুঁজিৰ ষষ্ঠ কিস্তি মুকলি কৰাৰ কথা প্ৰকাশ কৰে । এই অনুষ্ঠানটো দেশৰ লাখ লাখ কৃষক, সমবায় তথা জনসাধাৰণে প্ৰত্যক্ষ কৰিব । অনুষ্ঠানত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ উপস্থিত থাকিব ।
আন্দমান নিকোবৰৰ দলীয় কাৰ্যকৰ্তাৰ লগত বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ভিডিঅ' কনফাৰেন্সযোগে আন্দমান নিকোবৰৰ দলীয় কাৰ্যকৰ্তাৰ লগত বৈঠকত মিলিত হ'ব ৷ বৈঠকত প্ৰধানমন্ত্ৰীৰ লগত উপস্থিতি থাকিব বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডা ৷ প্ৰধানমন্ত্ৰীয়ে বিগত মাহত বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডা আৰু অন্য শীৰ্ষ নেতাৰ উপস্থিতিত ৰাজস্থান আৰু বিহাৰৰ দলীয় কৰ্মীৰ লগত বৈঠকত মিলিত হৈছিল ৷ বিজেপিৰ "সেৱা হি সংগঠন" কাৰ্যক্ৰমৰ অধীনত এই বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷
দুদিনীয়া ভ্ৰমণসূচীৰে ভূপাললৈ আৰএছএছ প্ৰধান
ৰাষ্ট্ৰীয় স্বয়ং সেৱা সংঘৰ প্ৰধান মোহন ভাগৱতে দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে মধ্যপ্ৰদেশৰ ভূপালত উপস্থিত হয় ৷ আৰএছএছ প্ৰধানগৰাকীয়ে ভূপালৰ শীৰ্ষ পদাধিকাৰীৰ লগত মিলিত হৈ ক'ভিড 19 সাহাৰ্য বিতৰণ বিষয়ৰ বুজ ল'ব ৷ ৰাজ্যখনৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি মধ্য প্ৰদেশত ক'ভিড 19ত আক্ৰান্তৰ সংখ্যা 859 গৰাকীলৈ বৃদ্ধি পোৱাৰ লগতে মৃত্যু হৈছে 15 গৰাকী লোকৰ ৷
যুৱ কংগ্ৰেছে দেওবাৰৰ পৰা আৰম্ভ কৰিব নিয়োগ আৰম্ভ কৰক আঁচনি
কেন্দ্ৰীয় যুৱ কংগ্ৰেছে দেওবাৰে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মুকলি কৰিব নিয়োগ আৰম্ভ কৰক অভিযান ৷ দিল্লীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা জিলা, মহকুমা আৰু গ্ৰামাঞ্চল পৰ্যায়লৈ নিয়োগৰ সুবিধা প্ৰদানৰ বাবে যুৱ শক্তিক একত্ৰিত কৰা আৰু চৰকাৰক হেচা প্ৰয়োগ কৰাই এই অভিযানৰ মূল উদ্দেশ্য ৷
লগতে পঢ়ক : আজি গুৰুত্বপূৰ্ণ ঘোষণা কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে