নিউজ ডেস্ক , 7 আগষ্টঃ 34 বছৰৰ পাছত কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা নতুন শিক্ষানীতিৰ বিভিন্ন দিশ সন্দৰ্ভত বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে শুকুৰবাৰে অনুষ্ঠিত কৰিব লগা এক আলোচনা চক্ৰত ভিডিঅ’ কনফাৰেন্সযোগে উদ্বোধনী ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

শুকুৰবাৰে লক্ষ্ণৌস্থিত চেন্ট্ৰেল কামাণ্ডৰ হেড কোৱাৰ্টাৰ পৰিদৰ্শন কৰিব ভাৰতীয় স্থলসেনাবাহিনীৰ প্ৰধান মনোজ মুকুণ্ড নাৰভানে ৷ উল্লেখ্য যে, সেনাবাহিনীৰ মুৰব্বী গৰাকীয়ে বৃহস্পতিবাৰে ভ্ৰমণ কৰিছিল তেজপুৰস্থিত গজৰাজ হেড কোৱাৰ্টাৰ ৷ দেশৰ সীমা সুৰক্ষাৰ ক্ষেত্ৰত সেনা বাহিনীয়ে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বুজ লয় সেনা প্ৰধানগৰাকীয়ে ৷

বংগ উপসাগৰীয় অঞ্চলত নিম্নচাপৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই শুকুৰবাৰে ওড়িশাৰ বিভিন্ন অঞ্চলত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে ৷ ৰাজ্যখনৰ কেইবাখনে জিলাত প্ৰৱল বৃষ্টিপাত আৰু গৰ্জনৰ সম্ভাৱনা ব্যক্ত কৰিছে বিভাগটোৱে ৷

শুকুৰবাৰে পাঞ্জাৱৰ কংগ্ৰেছ অধ্যক্ষ সুনীল জাখাৰৰ লগত বিষাক্ত সুৰা ট্ৰেজেডি সংঘটিত হোৱা পাঞ্জাৱৰ টাৰ্ণ টাৰাণ অঞ্চল ভ্ৰমণ কৰিব ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰেন্দ্ৰৰ সিঙে ৷ বিষাক্ত সুৰা পান কৰি প্ৰাণ হেৰুওৱা 84 গৰাকী ব্যক্তিৰ পৰিয়ালক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
জম্মুকাশ্মীৰত হাইস্পীড ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত এটা বেচৰকাৰী সংস্থাই দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷ উল্লেখ্য যে,বিগত বৰ্ষৰ আগষ্ট মাহৰ পৰা ৰাজ্যখনত ইণ্টাৰনেট সেৱা ব্যাহত কৰি ৰাখিছে কেন্দ্ৰীয় চৰকাৰে ৷

লগতে পঢ়কঃ এটা টেলিফোনিক বাৰ্তাক কেন্দ্ৰ কৰি বিশ্বনাথ অসামৰিক চিকিৎসালয়ত হাহাকাৰ